বকোত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ কামৰূপ জিলা সমিতি গঠন
বকোঃ ৰাজ্যৰ খিলঞ্জীয়া জাতি উপ জাতি সমুহৰ স্বকীয় সংস্কৃতি সুদৃঢ় ৰূপত সংৰক্ষণ কৰাৰ লক্ষ্যৰে গঠিত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ এখন বিশেষ সাধাৰণ সভা কামৰূপ জিলাৰ বকোত অনুষ্ঠিত হয়। আজি বকোস্থিত সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা সভাৰ আত ধৰে যুৱ কৰ্মী বিষ্ণু ৰাম দাসে। সভাত বহু কেই গৰাকী পুৰুষ আৰু মহিলাৰ উপস্থিতিত আয়োজন কৰা সভাত পৌৰহিত্য কৰে গোৱালপাৰা জিলা সমিতিৰ সভাপতি তথা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভাই। সভাত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ লক্ষ্য উদ্দেশ্যেৰ ওপৰত আলোচনা কৰা হয় আৰু ইয়াৰ লক্ষ্য উদ্যেশ্যক সন্মান জনাই বকোৰ মিলন
ৰাভাক সভাপতি, যুৱ সাংবাদিক বিতোপন ৰাজবংশী সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰি গঠন কৰা হয় কামৰূপ জিলা সমিতি খন। সভাত সৰ্বসন্মতিক্ৰমে বিদূশী ৰাভাক উপ সভাপতি, উমেশ চন্দ্ৰ ৰাভা আৰু বিপুল তালুকদাৰক সহকাৰী সম্পাদক, দেৱানন্দ দাস, ৰশ্মি ৰাভা আৰু দুলুমণি দাসক সাংগঠনিক সম্পাদক, বিজু মণি দাসক সাংস্কৃতিক সম্পাদক, মনিন্দ্ৰ দাসক মুখপাত্ৰ আৰু দ্বীপজ্যেতি দাসক প্ৰচাৰ সম্পাদকৰ লগতে বহু কেইজন বিষয় ববীয়াক গুৰু দায়িত্ব দি গঠন কৰে জিলা সমিতি খন। সভাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰীয়েও উপস্থিত থাকি সহযোগ আগবঢ়াই।