বিজেপি চৰকাৰে লাখ লাখ খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমিৰ পট্টা প্ৰদান কৰি জাতীয় চেতনাক শক্তিশালী কৰিলে
কংগ্ৰেছৰ ৬০ বছৰীয়া ৰাজত্ব কাল ভাৰতৰ বাবে অভিশাপঃ সৰ্বানন্দ সোণোৱাল
নাহৰকটীয়াঃ ‘কংগ্ৰেছৰ পূৰ্বৰ শাসনকালৰ দৰে লেহেমীয়া শামুকীয়া গতিৰে আমি বিশ্বজয় কৰিব নোৱাৰোঁ। ইয়াৰ বাবে ৰাইজৰ সহযোগ সৰ্বাধিক প্ৰয়োজনীয়। মোদীয়ে তাৰ বাবেই ‘জন ভাগীদাৰী, জন আন্দোলন’ৰ কথা বাৰে বাৰে দোহাৰিছে। কংগ্ৰেছৰ দিনৰ বিভিন্ন আঁচনিৰ অৱস্থাৰ কথা আপোনালোকে জানেই। উদাহৰণস্বৰূপে ইন্দিৰা আৱাস যোজনাৰ কথাকে ক’ব পাৰি। এই যোজনাৰ ধন ৰাইজক তিনিটা কিস্তিত দিয়া হৈছিল। নিৰক্ষৰ হিতাধিকাৰীসকলৰ ধন মধ্যভোগীয়ে আত্মসাৎ কৰিছিল। কাৰণ হিতাধিকাৰীসকলক তেওঁলোকৰ প্ৰাপ্য ধন পোনপটীয়াকৈ সোমাই দিবলৈ কোনো বেংক একাউণ্ট নাছিল। খোদ তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে
নিজে এই কথা স্বীকাৰ কৰিছিল যে, দিল্লীৰ পৰা পঠিওৱা ১০০ টকাৰ মাত্ৰ ১৬ টকাহে হিতাধিকাৰীসকলে পায়। মাজৰ ৮৪ টকা কংগ্ৰেছৰ দালালবোৰে আত্মসাৎ কৰে। এয়াই হৈছে কংগ্ৰেছ চৰকাৰৰ তথাকথিত জনকল্যাণৰ নীতি। কিন্তু আজি সেই ছবি সম্পূৰ্ণৰূপে সলনি হৈছে। প্ৰযুক্তিৰ ব্যৱহাৰেৰে আজি ভাৰতবৰ্ষত মধ্যভোগী ব্যৱস্থা প্ৰায় শেষ কৰি পেলাইছে। কংগ্ৰেছৰ ৬০ বছৰৰ ৰাজত্বকাল যদি বিজেপিৰ হ’লহেঁতেন হয়তো আজি ভাৰত আমেৰিকাতকৈও উন্নত দেশ হ’লহেঁতেন। কিন্তু লাহে লাহে আমি সেই স্থানো নিশ্চিতভাৱে গৈ পাম। মোদীৰ নেতৃত্বত সেই দিন বেছি দূৰ নহয়।’ – ডিব্ৰুগড় লোকসভা সমষ্টিৰ এনডিএ-ৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয়
কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নাহৰকটীয়া বিধানসভা সমষ্টিত স্থানীয় বিধায়ক তৰংগ গগৈৰ সৈতে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি এইদৰে মন্তব্য কৰে। সোণোৱালে বিজেপি, অসম গণ পৰিষদৰ কৰ্মকৰ্তা সকলৰ সৈতে দুখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰাৰ লগতে স্থানীয় বিভিন্ন কাৰ্যসূচীত ভাগ লয়। সোণোৱালৰ আগমনে নাহৰকটীয়া সমষ্টিতো বিজেপিৰ জয়জয়কাৰ পৰিৱেশৰ সূচনা কৰিছে। আজি বিভিন্ন দল-সংগঠনৰ বিভিন্ন নেতা-কৰ্মীয়ে বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দলত যোগদান কৰে। সোণোৱালে কাৰ্যকৰ্তাসকলক সম্বোধন কৰি কয়, ‘আমি এই লোকসভা নিৰ্বাচনটোক এখন আত্মনিৰ্ভৰ, বিকশিত আৰু
সমৃদ্ধিশালী ভাৰত গঢ়াৰ মাধ্যম হিচাপে আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে ১০ বছৰৰ কাৰ্যকালত উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মোদীয়ে ‘সবকা সাথ, সবকা বিকাশ’ নীতিৰে ভাৰতৰ প্ৰতিটো জাতি-জনগোষ্ঠীক লগত লৈ সকলোৰে মৰ্যাদাৰ বাবে যি যাত্ৰা আৰম্ভ কৰিলে, সেই যাত্ৰা হৈছে সমন্বয়ৰ যাত্ৰা, ভাৰতবৰ্ষক শক্তিশালী কৰাৰ যাত্ৰা, সৰ্বস্তৰৰ নাগৰিকৰ সবলীকৰণৰ যাত্ৰা। এই যাত্ৰাৰ সুবাদতে ভাৰতৰ প্ৰতিখন ৰাজ্যৰ জনসাধাৰণে আজি সম-বিকাশ লাভ কৰি সন্মান সহকাৰে জীয়াই থাকিবলৈ সক্ষম হৈছে। সামগ্ৰিকভাৱে ভাৰতে বিশ্বৰ পঞ্চম সৰ্ববৃহৎ
অৰ্থনীতিৰ সন্মান বুটলিবলৈ সক্ষম হৈছে।’ সোণোৱালে লগতে কয়, ‘স্বৰ্গদেউ চাওলুং ছ্যুকাফাই ত্ৰয়োদশ শতিকাতে অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীক লগত লৈ ‘সাত ৰাজ সামৰি এক ৰাজ’ কৰা নীতিৰে ইয়াত সুশাসনৰ পাতনি মেলিছিল, বৰ অসম প্ৰতিষ্ঠা কৰিছিল। সেই একেই আদৰ্শক সাৰোগত কৰি ‘সবকা সাথ, সবকা বিকাশ’ নীতিৰে মোদীয়ে ভাৰতবৰ্ষৰ জনগণক ঐক্যবদ্ধ কৰি তুলিছে। জনতাৰ কল্যাণৰ বাবে মোদী এতিয়ালৈ যিমান আঁচনি গ্ৰহণ কৰিলে, তাৰ লক্ষ্যই হৈছে এজনো ভাৰতীয়ই যাতে অন্ন, বস্ত্ৰ, বাসস্থান, শিক্ষা, সংস্থাপন, সুস্বাস্থ্য আদি মৌলিক সমস্যাত ভুগি থাকিব নালাগে। উদাহৰণস্বৰূপে স্বচ্ছ ভাৰত অভিযানৰ কথা ক’ব পাৰি।
এই অভিযান একমাত্ৰ বাট-পথৰ চাফ-চিকুণতাতে সীমাবদ্ধ কৰি ৰখা হোৱা নাই। যিবোৰ পৰিয়ালে শৌচাগাৰৰ অভাৱত মুকলিকৈ শৌচ-পেচাব কৰিবলৈ বাধ্য হৈছিল, তেওঁলোকৰ বাবে পকী শৌচাগাৰ নিৰ্মাণ কৰি মোদী চৰকাৰে ভাৰতক স্বচ্ছ কৰি তোলাৰ প্ৰচেষ্টা লৈছে। প্ৰধানমন্ত্ৰীৰ ঐকান্তিক প্ৰচেষ্টাত সমগ্ৰ ভাৰতবৰ্ষত ১০ বছৰৰ ভিতৰত ১৫ কোটিৰ ওপৰত শৌচাগাৰ নিৰ্মাণ কৰা হ’ল। অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব অক্ষুণ্ণ ৰাখিবলৈ বিজেপি চৰকাৰে কাজিৰঙা, সত্ৰ, নামঘৰৰ পৰা সন্দেহজনক লোকক উচ্ছেদ কৰিলে, খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ বাবে ভূমিৰ অধিকাৰ নিশ্চিত কৰিলে।’ সোণোৱালে কংগ্ৰেছ মিত্ৰশক্তিক অপশক্তি আখ্যা দি কয়,
‘কংগ্ৰেছৰ ৬০ বছৰীয়া ৰাজত্ব কালত তেওঁলোকে ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থাৰ উন্নয়ন কৰিব নোৱাৰিলে। তেওঁলোকৰ কথা কেৱল শ্লোগানতে সীমাবদ্ধ হৈ থাকিল। গৰীবী হাটাও তেওঁলোকৰ মুখৰ কথাহে হৈ থাকিল, হাতে-কামে কৰি দেখুৱাব নোৱাৰিলে। ভাৰতৰ আটাইতকৈ দৰিদ্ৰ লোকসকলক দিব পৰা ন্যূনতম সা-সুবিধা যেনে থাকিবলৈ এটা ঘৰ, বিশুদ্ধ খোৱাপানী, পোহৰৰ যোগান ধৰিবলৈ বিজুলী, বিজ্ঞানসন্মত ৰন্ধনপ্ৰণালী, পুত্ৰ-কন্যাৰ শিক্ষা, সংস্থাপন আদি মোদী চৰকাৰৰ দিনতহে ব্যাপক ৰূপত প্ৰসাৰিত হ’ল। ভাৰতৰ ২৬,০০০ খন গাঁৱত আজি পকী ৰাস্তা সম্ভৱ হৈছে। প্ৰধানমন্ত্ৰীয়ে আত্মসহায়ক গোটবোৰৰ উন্নতিত বিশেষ
গুৰুত্ব আৰোপ কৰিছে। কাৰণ তেওঁ বিশ্বাস কৰে নাৰীশক্তি মহাশক্তি। মহিলাক বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ প্ৰধানমন্ত্ৰী মোদী যথেষ্ট সুযোগ সুবিধা প্ৰদান কৰিছে। অসমতো মহিলাশক্তি, আই-মাতৃসকলে নিজৰ কৰ্মদক্ষতাৰ প্ৰমাণ কৰিছে। যাৰ ফলত সমাজত নাৰীৰ স্থান আগতকৈ বহুগুণে বৃদ্ধি পাইছে।’ সোণোৱালে লগতে কয়, ‘বিৰোধীয়ে বক্তব্য দিয়াতহে ওস্তাদ। তেওঁলোকে কল্পনাৰ সাগৰত সাঁতুৰি বৰ ভাল পায়। কিন্তু বিজেপি চৰকাৰ এখন বাস্তৱবাদী চৰকাৰ। বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ বিভিন্ন ভাষা-ভাষিক ৰাইজৰ সমস্যাবোৰৰ বুজ লৈ তাক বাস্তৱত নিৰ্মূল কৰাৰ সাহস বিজেপি চৰকাৰেহে ল’ব পাৰে। খিলঞ্জীয়াক মাটিৰ পট্টা
প্ৰদানৰ জৰিয়তে ভূমিৰ অধিকাৰ এইখন চৰকাৰেহে প্ৰদান কৰিছে। সেয়েহে আমি বিৰোধীৰ দৰে আৱেগিক হোৱাৰ কথা নাই, উত্তেজিত হোৱাৰ কথা নাই। কাৰণ আমি দিনে-নিশাই কাম কৰিছোঁ। কংগ্ৰেছৰ অসমৰ ৰাইজৰ হৈ মাত মতাৰ কোনো নৈতিক অধিকাৰেই নাই।’ সোণোৱালে আজি নামফাকে বৌদ্ধ বিহাৰ দৰ্শন কৰাৰ উপৰি মাকুমত দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰো শুভ উদ্বোধন কৰে।