ashomiyapatrika.com

বকোৰ ইতিহাস প্ৰসিদ্ধ চৰকীয়া দেৱীৰ মন্দিৰত বসন্ত বাসন্তী পূজাৰ সামৰণি

0 35

বকোঃ সম্প্ৰতি ৰাজ্যৰ দেৱ দেৱীৰ শক্তিপীঠ সমুহত চলিছে দেৱী পূজাৰ। এই লৈ বিগত বছৰবোৰৰ দৰে এই বৰ্ষও কামৰূপ জিলাৰ ইতিহাস প্ৰসিদ্ধ শিমিলাৰ শ্ৰী শ্ৰী মা চৰকীয়া দেৱীৰ মন্দিৰত চাৰিদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে বসন্ত বাসন্তী দেৱীৰ পূজা। উল্লেখ্য যে পৌৰাণিক আখ্যান মতে এই শক্তিপীঠ দেৱী থানত যুগ যুগ আগৰ পৰা মনসা দেৱীক অৰ্থাৎ শ্ৰী শ্ৰী মা গোসানী দেৱীক যথা ৰীতি নীতিৰে মাংগলিক পূজা-অৰ্চনা কৰি অহা হৈছে। বৃহত্তৰ অঞ্চলটোৰ কুৰি খনতকৈ অধিক গঞা ৰাইজে অংশগ্ৰহণ কৰা মাঁ চৰিকা দেৱীৰ পূজা ভাগি যোৱা ১৫ মাৰ্চত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ হৈছে। পূজাৰ পৰম্পৰা অনুসৰি ঘট বুৰণ, দেৱীৰ প্ৰতিমা স্থাপন,

পুৰোহিত বৰন, পূজা পাৰ্বন আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। পূজা পৰিচালনা সমিতিৰ সভাপতি ভাৰত চন্দ্ৰ বড়ো আৰু সাধাৰণ সম্পাদক অজয় হাজোৱাৰীয়ে জনোৱা মতে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সাংস্কৃতিক মঞ্চত যাত্ৰা নাট, ঢুলীয়া পাৰ্টি, নৃত্য গীতৰ লগতে অসমৰ স্বনামধন্য কন্ঠশিল্পী ডলীপ্ৰিয়াৰ গীতৰ শৰাই অনুষ্ঠিত হয়। ইফালে পূজাৰ কাৰ্য্যসুচী শুভাৰম্ভ কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ খলিহা কোঠ সমষ্টিৰ কাৰ্য্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰীয়ে। পূজাৰ পৰম্পৰা অনুসৰি অঞ্চলটোৰ আই মাতৃ সমাজে নৈবদ্য শৰাই আদি আগবঢ়াই। ইফালে মা চৰকীয়া গোসানীৰ বাৰ্ষিক পূজা ভাগি ৰাইজৰ যথেষ্ট

সমাদৰ পোৱা যায় বুলি জানিব দিয়ে সভাপতি ভাৰত চন্দ্ৰ বড়োই। ইফালে আজি সামৰণিৰ দিনা বৰবলীকে ধৰি বলি বিধান তথা দেওধানী নৃত্য আৰু অন্যান্য পূজা পাতাল পৰ্বত বহু সহস্ৰাধিক ভক্তৰ সমাগম দেখা যায়।

Leave A Reply

Your email address will not be published.