ashomiyapatrika.com

হাজোত গুৱাহাটী জিলা মজলীয়া বিদ্যালয়ৰ শিক্ষক সন্থাৰ ৫৪ সংখ্যক দ্বি বাৰ্ষিক অধিবেশন

0 46

বকোঃ শিক্ষাৰ পোহৰ বিলোৱা শিক্ষক সমাজৰ উমৈহতীয়া মঞ্চ গুৱাহাটী জিলা মজলীয়া বিদ্যালয়ৰ শিক্ষক সন্থাৰ ৫৪ সংখ্যক দ্বি বাৰ্ষিক অধিবেশন খন হাজোত সম্পন্ন হয়। শিক্ষা বিভাগৰ হাজো প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৰামদিয়া বালক মজলীয়া বিদ্যালয়ত অনুস্থিত হয় অধিবেশনৰ পতাকা উত্তোলন। অধিৱেশনৰ বৰ্ণাঢ্য কাৰ্য্যসুচীৰ পিছত সভাপতি ৰজত ভড়ালী দেৱৰ সঞ্চালনাত আয়োজন কৰা কাৰ্যসূচীৰ আত ধৰে সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ দাসে। অনুস্থানত স্মৃতি তৰ্পনৰ মূখ্য তৰ্পক হিচাবে উপস্থিত থাক অৱসৰ প্ৰাপ্ত শিক্ষাগুৰু আনন্দ কলিতাই। গছ পুলি ৰোপন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক জ্যোতিষ চন্দ্ৰ দাস আৰু দীনবন্ধু দাসে। উল্লেখ্য

যে প্ৰতিনিধি সভা উদ্ধোধন কৰে ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ত্ৰৈলক্য ডেকাই। সভাত নিমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে গুৱহাটী মজলীয়া স্কুল শিক্ষক সন্থাৰ প্ৰাক্তন সাধাৰন সম্পাদক মহেশ দাস আৰু গুৱহাটী মহকুমা প্ৰাথমিক সন্মিলনীৰ সাধাৰন সম্পাদক প্ৰদীপ কলিতা। সভাত ২০২০বৰ্ষৰ পৰা এতিয়ালৈ অৱসৰ পোৱা ভিন্ন প্ৰান্তৰ মজলীয়া বিদ্যালয়ৰ ৫৫ গৰাকী গুৰু মণ্ডলীক সম্বৰ্ধনা জনোৱা হয়। ইফালে অধিবেশনতে সৰ্বসন্মতিক্ৰমে আগন্তুক ২০২৪ – ২০২৬ বৰ্ষৰ বাবে নতুন সমিতি গঠন কৰা হয়। নতুনকৈ গঠন কৰা সমিতি খনত সভাপতি হিচাপে নিৰেন্দ্ৰ চন্দ্ৰ কলিতা, উপ সভাপতি হিচাপে মহেশ্বৰ ৰংপি, প্ৰনীতা দেবী আৰু

বলেন চন্দ্ৰ দাসক দায়িত্ব দিয়া হয়। লগতে সাধাৰন সম্পাদক হিচাপে প্ৰদীপ কলিতাক, সহ সম্পাদক মৃনাল গোস্বামী আৰু চাবেদ আলীক দায়িত্ব দিয়া হয়। প্ৰকাশ যে সভা খন হাজো খণ্ড মজলীয়া স্কুল শিক্ষা খণ্ডৰ উদ্যোগত অনুস্থিত হয়। শিক্ষক গোটৰ পৰা জানিব পৰা মতে শিক্ষক সন্থাৰ অধিবেশনত অভ্যৰ্থনা সমিতিৰ মুখ্য পৰিচালনাৰ দায়িত্ব পালন কৰে ৰামদিয়া বালক মজলীয়া প্ৰধান শিক্ষক লক্ষ্যধৰ তালুকদাৰ সহিতে সমুহ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলে।

Leave A Reply

Your email address will not be published.