বাংলাদেশৰ পৰা অন্তৰ্ধান হোৱা ৩৯ লাখ হিন্দু বাংলাদেশী ক’ত?
‘কা’ৰ জৰিয়তে ভাৰতৰ স্থায়ী নাগৰিকত্ব পাব নেকি এইসকলে? – ৰাইজৰ দল
গুৱাহাটীঃ আজি ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু চিন্ময় বড়াই। ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়াই কয় যে জাতি, মাটি, ভেটিৰ প্ৰতিশ্ৰুতি দি চৰকাৰলৈ অহা বিজেপি চৰকাৰখনে ‘কা’ আইন বলপূৰ্বক ভাৱে জাপি দি চিৰদিনৰ বাবে অসমীয়াৰ হাতৰ পৰা অৰ্থনৈতিক, ৰাজনৈতিক অধিকাৰ কাঢ়ি নি সামাজিক, সাংস্কৃতিক, ভাষিক ভাৱে দুৰ্বল কৰি পেলাব বিচাৰিছে। তেওঁ কয় বদন বৰফুকনে মান আনি যিদৰে অসমৰ স্বাধীনতা চিৰদিনলৈ শেষ কৰিছিল, ঠিক সেইদৰে বিজেপি চৰকাৰে ‘কা’ আইনৰ জৰিয়তে বিদেশী আনি অসমীয়া জাতিটোকে শেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে।
সাধাৰণ সম্পাদক ৰাছেল হুছেইনে বাংলাদেশৰ লোকপিয়লত ২০১৬ চনৰ পৰা ২০২২ চনৰ ভিতৰত ৩৯ লাখ হিন্দু বাংলাদেশী অন্তৰ্ধান হোৱাৰ ভয়াবহ তথ্য শেহতীয়াকৈ সংবাদ মাধ্যমত প্ৰকাশিত হোৱাৰ পিছত অসমৰ থলুৱা লোকৰ ভৱিষ্যত সম্পৰ্কে তীব্ৰ আশংকা প্ৰকাশ কৰে। তেওঁ কয় মোদী চৰকাৰে তেতিয়াৰ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা ‘কেব’ উত্থাপন কৰাৰ সময়তে বাংলদেশৰ ব্যুৰ অৱ ষ্টেটিছটিকচৰ তথ্য অনুসৰি, ২০১৫ চনৰ ডিচেম্বৰত বাংলাদেশত হিন্দু জনসংখ্যা বৃদ্ধি পাইছিল ১ কোটি ৭০ লাখলৈ। কিন্তু আশ্চৰ্যজনক ভাৱে মোদী চৰকাৰে কেব উত্থাপন কৰাৰ পিছৰে পৰা এই হিন্দু জনসংখ্যা হ্ৰাস পাবলৈ ধৰে আৰু ২০২২ চনৰ লোকপিয়ল
অনুসৰি এই সংখ্যা হয়গৈ ১ কোটি ৩১ লাখ। হুছেইনে কয় যে এই অন্তৰ্ধান হোৱা সৰহ সংখ্যক বাংলাদেশী নিশ্চয়কৈ অসমলৈকে আহিছে আৰু তেওঁলোকে এই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ৰ জৰিয়তে ভাৰতৰ স্থায়ী নাগৰিকত্ব লাভ কৰিব। তেওঁ এই লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে বহুল ভাৱে প্ৰচাৰ কৰা ‘মোদী গেৰাণ্টি’ প্ৰসংগ টানি আনি কয় যে অসমত নিৰ্বাচনী প্ৰচাৰ সময়ত ২০১৪ চনত মোদীৰ প্ৰথমটো গেৰাণ্টি আছিল যে ১৬ মে’ৰ পিছত বাংলাদেশীয়ে টালি টোপোলা বান্ধিব লাগিব। কিন্তু সেই গেৰাণ্টিৰ বিপৰীতে আজি অসমক লাখ লাখ বাংলাদেশীৰ অতিৰিক্ত বোজা ল’ বলৈহে বাধ্য কৰা হৈছে। ৮৫৫ জন ছহিদৰ বিনিময়ত অসম চুক্তি হৈছিল, য’ত
অসমে ২০ বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা গ্ৰহণ কৰিবলগীয়া হৈছিল। এতিয়া পুনৰ ২০১৪ চনলৈকে বিদেশীৰ বোজা অসমে কেতিয়াও মানি নলয় বুলি কয় সাধাৰণ সম্পাদক গৰাকীয়ে। তেওঁ অন্য এটা অভিযোগ উত্থাপন কৰি কয় যে বসুন্ধৰাৰ জৰিয়তে চৰকাৰী মাটিৰ হিছাপ লৈ তাত এই নতুনকৈ নাগৰিকত্ব পোৱা বাংলাদেশী সকলক সংস্থাপিত কৰিব চৰকাৰে। অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত ভূমিতো অনুসূচীত জাতিৰ নামেৰে বাংলাদেশীক সংস্থাপন দিয়াৰ ষড়যন্ত্ৰ ৰচিছে, বিজেপি চৰকাৰে।