বকোস্থিত চিলাৰায় ভৱন প্ৰাংগণত ৰাভা হাছং পৰিষদৰ পূজিৰে কাৰ্য্যালয় গৃহৰ আধাৰশিলা স্থাপন সুমিত ৰাভাৰ
বকোঃ অসম চৰকাৰৰ দ্বাৰা অনুমোদিত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ আৰ্থিক সাহাৰ্য্যত কোচ ৰাজবংশী সংগঠনৰ কাৰ্য্যালয় গৃহৰ আজি আধাৰশিলা স্থাপন কৰে। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ২৭ নং বকো পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা যুৱ সমাজ কৰ্মী সুমিত ৰাভাই আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰে কাৰ্য্যালয় গৃহৰ। উল্লেখ্য যে বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ তত্বাৱধানত থকা চিলাৰায় ভৱন প্ৰাংগণত আজি কাৰ্য্যালয় গৃহটিৰ কামৰ শুভাৰম্ভ কৰে। সংগঠনটোৰ সভাপতি জোন চৌধুৰী আৰু সম্পাদক নিপেন তালুকদাৰৰ তৎপৰতাত উপদেষ্টা গৌৰাঙ্গ চৌধুৰীয়ে আত ধৰা অনুস্থানত বহু সংখ্যক বিষয়
ববীয়াই সহযোগ আগবঢ়াই। আধাৰশিলা স্থাপন কৰি সুমিত ৰাভাই কয় যে ৰাভা হাছং পৰিষদৰ ২০২৩/২৪ বিত্তীয় বৰ্ষৰ মুঠ ৯ লাখ টকা ধৰ্য্য কৰি নিৰ্মাণ কৰা হ’ব সংগঠনটোৰ কাৰ্য্যালয়টো। চিলাৰায় ভৱন চৌহদত কাৰ্য্যালয় নিৰ্মাণৰ শুভাৰম্ভণি অনুস্থানত সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্য্যকৰী সভাপতি অনুপম দাস, মহিলা সন্মিলনীৰ বকো আঞ্চলিকৰ সভানেত্ৰী ৰীনা ডেকা, ঠিকাদাৰ অনিল দাস, ৰাভা হাছং পৰিষদীয় সমষ্টিৰ সমষ্টি পৰিচালনা সমিতিৰ বিষয় ববীয়া সকলোৰ উপৰিও কোচ ৰাজবংশী কৃষ্টি দলৰ শিল্পী সকলে অংশগ্ৰহণ কৰে।