ashomiyapatrika.com

বীৰ লাচিত বৰফুকন অসমৰ সাহস আৰু দৃঢ়তাৰ প্ৰতীক

0 41

যোৰহাটত ১৭,৫০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰক সমৰ্পিত আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ

গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যোৰহাটত ১৭,৫০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, ৰাষ্ট্ৰক সমৰ্পিত আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে স্বাস্থ্য, তেল আৰু গেছ, ৰে’ল আৰু গৃহ নিৰ্মাণ খণ্ডক সামৰি লৈছে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে উপস্থিত থকা বিপুল জনসমাগমৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ৰাজ্যৰ ২০০টা ভিন্ন স্থানৰ পৰা ২ লাখ লোকে যোগদান কৰা বুলিও উল্লেখ কৰে। মোদীয়ে গোলাঘাটৰ জনসাধাৰণে হাজাৰ হাজাৰ বন্তি জ্বলোৱাৰ দৃশ্যও প্ৰত্যক্ষ কৰে আৰু কয় যে জনসাধাৰণৰ মৰম আৰু আদৰেই তেওঁৰ সৰ্ববৃহৎ সম্পদ হিচাপে গঢ় লৈ


উঠে। আজি স্বাস্থ্য, গৃহ নিৰ্মাণ আৰু পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত প্ৰায় ১৭,৫০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি অসমৰ উন্নয়নক গতি প্ৰদান কৰা বুলি তেওঁ দৃঢ়তাৰে কয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বিষয়ে কোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ইয়াক এক অনন্য ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চল আখ্যা দি ইয়াৰ জৈৱ বৈচিত্ৰ্য আৰু ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ পৰিৱেশ তন্ত্ৰৰ আকৰ্ষণৰ ওপৰত আলোকপাত কৰে। “এশিঙীয়া গঁড়ৰ ৭০ শতাংশ কাজিৰঙাত আছে”, তেওঁ কয়। লগতে জলাশয় হৰিণ, বাঘ, হাতী, বন্য ম’হ আদি বন্যপ্ৰাণী বিচাৰি পোৱাৰ অভিজ্ঞতাৰ বিষয়েও কয়। প্ৰধানমন্ত্ৰীয়ে গাফিলতি আৰু অপৰাধৰ সৈতে


সহযোগিতাৰ ফলত গঁড় কেনেদৰে বিপন্ন হৈ পৰিছিল সেই কথা আঙুলিয়াই দি ২০১৩ চনত এবছৰত ২৭টা গঁড় চিকাৰ হোৱাৰ কথা মনত পেলাই দিয়ে। চৰকাৰৰ প্ৰচেষ্টাত ২০২২ চনত এই সংখ্যা শূন্যলৈ হ্ৰাস কৰা হয়। প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাৰ সোণালী জয়ন্তী বৰ্ষত অসমবাসীক শুভেচ্ছা জনায়, নাগৰিকসকলক ৰাষ্ট্ৰীয় উদ্যানখন পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়। আজি বীৰ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “বীৰ লাচিত বৰফুকন অসমৰ সাহস আৰু দৃঢ়তাৰ প্ৰতীক”। ২০০২ চনত নতুন দিল্লীত তেওঁৰ ৪০০ সংখ্যক জন্ম জয়ন্তী অতি আড়ম্বৰ আৰু সন্মানেৰে উদযাপন কৰাৰ কথাও স্মৰণ কৰি সাহসী


যোদ্ধাজনৰ প্ৰতি মূৰ দোঁৱায়। ‘বিকাশ ভি ঔৰ বিৰাসত ভি’ বিকাশৰ লগতে ঐতিহ্যও আমাৰ ডাবল ইঞ্জিন চৰকাৰৰ মন্ত্ৰ হৈ আহিছে,’ প্ৰধানমন্ত্ৰীয়ে কয়। আন্তঃগাঁথনি, স্বাস্থ্য আৰু শক্তি খণ্ডত অসমে দ্ৰুত অগ্ৰগতি লাভ কৰিছে। এইমছ, তিনিচুকীয়াৰ দৰে স্বাস্থ্য আন্তঃগাঁথনি, যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়, শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় আৰু কৰ্কট চিকিৎসালয়ে অসমক সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসা কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে পিএম উৰ্জা গংগা যোজনাৰ অধীনত বাৰাউনী – গুৱাহাটী পাইপলাইন ৰাষ্ট্ৰক সমৰ্পণ কৰাৰ কথাও উল্লেখ কৰে। তেওঁ জনোৱা মতে, গেছ পাইপলাইনে উত্তৰ-পূব গ্ৰীডক


ৰাষ্ট্ৰীয় গ্ৰীডৰ সৈতে সংযোগ কৰি ৩০ লাখ ঘৰ আৰু ৬০০ৰো অধিক চিএনজি ষ্টেচনত গেছ যোগান ধৰাত সহায় কৰিব, যাৰ ফলত বিহাৰ, পশ্চিমবংগ আৰু অসমৰ ৩০খনতকৈও অধিক জিলাৰ লোকসকল উপকৃত হ’ব।ডিগবৈ শোধনাগাৰ আৰু গুৱাহাটী শোধনাগাৰৰ সম্প্ৰসাৰণৰ শুভাৰম্ভণিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে অসমত শোধনাগাৰৰ ক্ষমতা বৃদ্ধিৰ বাবে জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবীক পূৰ্বৰ চৰকাৰসমূহে অৱহেলা কৰিছিল। তেওঁ জোৰ দি কয় যে বৰ্তমান চৰকাৰৰ প্ৰচেষ্টাত অসমৰ শোধনাগাৰৰ মুঠ ক্ষমতা এতিয়া দুগুণ হোৱাৰ বিপৰীতে নুমলীগড় শোধনাগাৰৰ ক্ষমতা তিনিগুণ বৃদ্ধি পাব। “যিকোনো অঞ্চলৰ উন্নয়ন দ্ৰুত গতিত হয় যেতিয়া


উন্নয়নৰ উদ্দেশ্য শক্তিশালী হয়’, তেওঁ লগতে কয়। তেওঁ আজি পকা ঘৰ পোৱা ৫.৫ লাখ পৰিয়ালক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে এই ঘৰবোৰ কেৱল ঘৰ নহয় বৰঞ্চ শৌচাগাৰ, গেছ সংযোগ, বিদ্যুৎ আৰু পাইপৰ পানী সংযোগ আদি সুবিধাৰে সজ্জিত কৰা হৈছে। এতিয়ালৈকে ১৮ লাখ পৰিয়ালক এনে ঘৰৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জনায়। এই ঘৰবোৰৰ বেছিভাগেই মহিলাৰ নামত থকা বুলি কৈ তেওঁ সুখ প্ৰকাশ কৰে। অসমৰ প্ৰতিগৰাকী মহিলাৰ জীৱন সহজ কৰি তোলা আৰু তেওঁলোকৰ সঞ্চয়ৰ উন্নতিৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰবাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে নাৰী দিৱসত গেছ চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্ৰাস কৰাৰ কালিৰ সিদ্ধান্তৰ কথা উল্লেখ



কৰে। আয়ুষ্মান কাৰ্ডৰ দৰে আঁচনিসমূহেও মহিলাসকলক উপকৃত কৰিছে। জল জীৱন অভিযানৰ অধীনত অসমত ৫০ লাখৰো অধিক পৰিয়ালে পাইপৰ পানীৰ সংযোগ লাভ কৰিছে। লগতে ৩ কোটি লাখপতি দিদি সৃষ্টিৰ প্ৰতিশ্ৰুতিও দোহাৰে৷ ২০১৪ চনৰ পিছত অসমত যি ঐতিহাসিক পৰিৱৰ্তন ঘটে, তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ২.৫ লাখতকৈ অধিক ভূমিহীন থলুৱা লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ লগতে প্ৰায় ৮ লাখ চাহ বাগিচাৰ শ্ৰমিকক বেংকিং ব্যৱস্থাৰ সৈতে সংযোগ কৰি চৰকাৰী সুবিধাসমূহ পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টলৈ স্থানান্তৰিত কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ ফলত মধ্যভোগীৰ বাবে সকলো দুৱাৰ বন্ধ হৈ



পৰিল বুলি প্ৰধানমন্ত্ৰীয়ে কয়। ‘বিকশিত ভাৰতৰ বাবে উত্তৰ-পূবৰ উন্নয়ন অতি প্ৰয়োজনীয়,’ প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়। তেওঁ আৰু কয়, ‘মোদীয়ে সমগ্ৰ উত্তৰ-পূবক নিজৰ পৰিয়াল বুলি গণ্য কৰে। সেইবাবেই আমি বছৰ বছৰ ধৰি পৰি থকা প্ৰকল্পসমূহৰ ওপৰতো গুৰুত্ব দিছোঁ’। তেওঁ শৰাইঘাটৰ দলং, ধলা-শদিয়া দলং, বগীবিল দলং, বৰাক উপত্যকালৈকে ৰে’লপথৰ ব্ৰড গজ সম্প্ৰসাৰণ, মাল্টি মডেল লজিষ্টিক পাৰ্ক, যোগীঘোপা, ব্ৰহ্মপুত্ৰ নদীত দুখন নতুন দলং আৰু অসমত ২০১৪ত ১ৰ বিপৰীতে উত্তৰ-পূবত ১৮খন জলপথৰ দৰে প্ৰকল্পৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এই প্ৰকল্পসমূহে অঞ্চলটোত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। তেওঁ যোৱা কেবিনেট বৈঠকত


বিস্তাৰিত পৰিসৰৰ সৈতে নতুন ৰূপত অনুমোদন জনোৱা উন্নতি আঁচনিৰ কথাও উল্লেখ কৰে। কেবিনেটে মৰাপাটৰ বাবে এমএছপিও বৃদ্ধি কৰিছে যাৰ ফলত ৰাজ্যৰ মৰাপাট খেতিয়কসকল উপকৃত হ’ব। প্ৰধানমন্ত্ৰীয়ে ৰাইজৰ মৰম আৰু আদৰৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে প্ৰতিজন ভাৰতীয়ই তেওঁৰ পৰিয়াল। ‘ভাৰতৰ ১৪০ কোটি নাগৰিকক তেওঁৰ পৰিয়াল বুলি বিশ্বাস কৰাৰ বাবেই নহয়, দিনে-নিশাই তেওঁলোকক সেৱা আগবঢ়াই থকাৰ বাবেই মোদীৰ ওপৰত জনতাৰ মৰমৰ সূচনা হয়’, আজিৰ অনুষ্ঠানটোৱে এই বিশ্বাসক প্ৰতিনিধিত্ব কৰা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ সামৰণি মাৰে আজিৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে নাগৰিকসকলক


অভিনন্দন জনাই, ‘ভাৰত মাতা কী জয়’ ধ্বনি দৃশ্যপটত প্ৰতিধ্বনিত হয়। অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অন্যান্যসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.