ৰাজহুৱা শিক্ষা বচাওক যৌথ সংগ্ৰাম সমিতিৰ আহ্বানত জনজাগৰণ সভা
ৰাজহুৱা শিক্ষা ৰক্ষাৰ দাবীত ৰাজ্যজুৰি ঐক্যৱদ্ধ আন্দোলনৰ সিদ্ধান্ত
গুৱাহাটীঃ ৰাজহুৱা শিক্ষা বচাওক যৌথ সংগ্ৰাম সমিতিৰ আহ্বানত আজি চান্দমাৰীত জনজাগৰণ সভা অনুষ্ঠিত হয়। জগদীশ কলিতা, হৰমোহন বৰা আৰু আফজাল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে যৌথ সংগ্ৰাম সমিতিৰ অন্যতম আহ্বায়ক সুব্ৰত তালুকদাৰে। সভাত সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থা, সদৌ অসম প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সমাজ, সদৌ অসম চৰকাৰী এন. পি. এচ কৰ্মচাৰী সন্থা, সদৌ অসম এল. পি, এম. ই শিক্ষক( টিউটৰ) সন্থা, সদৌ অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চ, অল ইণ্ডিয়া চেণ্ট্ৰেল কাউন্সিল অব ট্ৰেড ইউনিয়নচ (এ আই চি চি টি ইউ), নিখিল ভাৰত ছাত্ৰ সন্থা (আইছা), বিশিষ্ট শিক্ষাবিদ
ইন্দ্ৰানী দত্ত, আৰু মনোৰমা শৰ্মাই অংশগ্ৰহণ কৰে। সভাত উল্লেখিত সংগঠনসমূহৰ হৈ শিক্ষাবিদ মনোৰমা শৰ্মা, ইন্দ্ৰানী দত্তৰ উপৰি কুলজিৎ ঠাকুৰীয়া, জীৱন তালুকদাৰ, পংকজ কুমাৰ দাস, হৰেণ দাস, অচ্যুতানন্দ হাজৰিকা, টাৰু প্ৰসাদ শৰ্মা, ত্ৰৈলোক্য ডেকা, বাহাৰুল ইছলাম টাপাদাৰ, পুলিন গগৈ, শৰৎ চাংমাই আদিয়ে বক্তব্য প্ৰদান কৰে। বক্তাসকলে বক্তব্যত কয় যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে পুঁজিপতি গোষ্ঠীৰ মালিকানাধীন ব্যক্তিগত শিক্ষানুষ্ঠানৰ ব্যৱসায়ী মুনাফাৰ স্বাৰ্থত ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰা আঁচনি লৈছে আৰু দৰিদ্ৰ পৰিয়ালৰ সন্তানৰ শিক্ষাৰ অধিকাৰ কাঢ়ি নিছে। শিক্ষানুষ্ঠান একত্ৰীকৰণৰ নামত ১১০০০ তকৈ
অধিক শিক্ষানুষ্ঠান বিলোপ কৰা হ’ল আৰু ফলত ৮০০০ তকৈ অধিক শিক্ষক পদ ৰাতিটোৰ ভিতৰতে বিলুপ্ত হ’ল। ৩৫০০০ টেট শিক্ষকক বেতন সুৰক্ষা সহ নিয়মীয়াকৰণ কৰাৰ পদক্ষেপ লোৱা নাই, তেনেদৰে ১৯০০০ তকৈ অধিক শিক্ষকক প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত কৰি ৰখা হৈছে। ১০০০০ তকৈ অধিক শিক্ষকক টিউটৰ হিচাপে ৰাখি শিক্ষকৰ মৰ্যাদা প্ৰদান কৰা নাই। বিপৰীতে চৰকাৰখনে শিক্ষক সমাজক অপ্ৰাদেশীকৃত, টেট, টিউটৰ আদি নামাকৰণেৰে বিভাজন কৰাৰ ৰাজনৈতিক ষড়যন্ত্ৰ চলাইছে আৰু ন্যায়সংগত দৰমহাসহ চাকৰি স্থায়ী তথা নিয়মীয়াকৰণ নকৰি প্ৰতাৰণা, বৈষম্য আৰু বঞ্চনা কৰি আহিছে। বক্তা সকলে ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষাৰ
ৰাজ্যজুৰি ঐক্যৱদ্ধ আন্দোলনৰ আহ্বান জনায়, অন্যথা এইখন চৰকাৰৰ শাসনত ৰাজহুৱা শিক্ষা ব্যৱস্থা শ্মশানলৈ পৰিণত হ’ব। সভাই ৰাজহুৱা শিক্ষা ৰক্ষাৰ দাবীত ৰাজ্যজুৰি ঐক্যৱদ্ধ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই আজিৰ সভাই ৰাজহুৱা শিক্ষা খণ্ডকে ধৰি অসমৰ সকলো অংশৰ আন্দোলনৰত সংগঠনক এখন মঞ্চত ঐক্যৱদ্ধ হ’বলৈ আৰু চৰকাৰৰ জন বিৰোধী নীতিৰ বিৰুদ্ধে ঐক্যৱদ্ধ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায়। লগতে নিজৰ প্ৰাপ্যৰ বাবে আন্দোলনৰত অংগনবাড়ী, আশা, মধ্যাহ্ন ভোজন কৰ্মী, মাইক্ৰফাইনেঞ্চ ঋণ ৰেহাই আদি আন্দোলনৰ প্ৰতি সংহতি জ্ঞাপন কৰে, আজিৰ সভাই ৰাজ্য চৰকাৰে ব্যক্তিগত খণ্ডৰ ব্যৱসায়িক
মুনাফাৰ স্বাৰ্থত ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংসৰ বাবে গ্ৰহণ কৰা নীতিৰ তীব্ৰ প্ৰতিবাদ জনায় আৰু এই জন বিৰোধী, অসম বিৰোধী, গণতন্ত্ৰ বিৰোধী নীতি প্ৰত্যাহাৰ কৰাৰ দাবী জনায়, আজিৰ সভাই অসমৰ অপ্ৰাদেশীকৃত শিক্ষক, টেট শিক্ষক, টিউটৰ, ঠিকা ভিত্তিক শিক্ষকৰ আন্দোলনৰ পক্ষত থিয় দিবলৈ অসমৰ সকলো দল সংগঠন আৰু ৰাইজলৈ আহ্বান জনায়, আজিৰ সভাই ৰাজ্যিক বাজেটৰ ২৫ শতাংশ ধন শিক্ষা শিতানত ধাৰ্য কৰাৰ দাবী জনায়, প্ৰতিটো শ্ৰেণীৰ বিপৰীতে এটা শ্ৰেণী কোঠা আৰু প্রতিটো বিষয়ৰ এজন পূৰ্ণ পৰ্যায়ৰ শিক্ষক নিযুক্তি দিয়াৰ দাবী জনায়, ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি একত্রীকৰণৰ নামত স্কুল, কলেজৰ বিলুপ্তি কৰা বন্ধ
কৰক, ২০১৭ চনৰ আইন সংশোধন কৰি সকলো অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানক প্ৰাদেশীকৰণ কৰক, টিউটৰসকলক পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ মৰ্যাদা দিয়ক, বেতন সুৰক্ষাসহ টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিবলৈ দাবী জনায়৷ সভাৰ অন্তত উল্লেখিত দাবী সমূহৰ ভিত্তিত অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।