গায়ত্ৰী মহন্তৰ পৰিকল্পনাৰে বিহু কৰ্মশালা
গুৱাহাটীঃ অভিনেত্ৰী তথা নৃত্যশিল্পী ড° গায়ত্ৰী মহন্তৰ সামগ্ৰিক পৰিকল্পনাৰে বিহুনাচ, ঢোলবাদন আৰু জেংবিহুৰ কৰ্মশালা। শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত ৮ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ অনুষ্ঠিত হৈছে এই কৰ্মশালা। সৰস্বতী সাংস্কৃতিক সত্ৰৰ উদ্যোগত অনুষ্ঠিত এই কৰ্মশালাৰ আজি আৰম্ভণি অনুষ্ঠান সম্পন্ন হয়। মুখ্য প্ৰশিক্ষক হিচাপে আছে নিৰঞ্জন গোস্বামী, গায়ত্ৰী মহন্ত, জ্বলী বৰা, জানমণি ফুকন আৰু নীলাক্ষী বুঢ়াগোঁহাই আৰু লগতে আছে কেইবাগৰাকীও প্ৰশিক্ষক। বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ উপ-সভাপতি, বিশিষ্ট শিল্পী জিতুল সোণোৱাল, বিহু সম্ৰাজ্ঞী তথা সত্ৰীয়া নৃত্যৰ শিল্পী ড্ৰিমলি গগৈ আৰু সুদুৰ
আমেৰিকাত সত্ৰীয়া নৃত্যৰ প্ৰসাৰৰ বাবে কাম কৰা প্ৰবাসী অসমীয়া প্ৰণতি তহবিলদাৰ আৰু উমেশ তহবিলদাৰে।কৰ্মশালাত অংশগ্ৰহণ কৰিছে প্ৰায় ২ শতাধিক প্ৰশিক্ষাৰ্থীয়ে। বিভিন্ন বিদ্যালয়ত অনুষ্ঠিত হৈ থকা পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত প্ৰশিক্ষাৰ্থীৰ যোগদানৰ তাৰিখ বাৰ তাৰিখলৈ বঢ়াই দিয়া হৈছে। ছয় বছৰৰ উৰ্ধৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব এই কৰ্মশালাত। আগ্ৰহী যুৱতী, মহিলাসকলে জেং বিহুৰ প্ৰশিক্ষণ ল’বলৈ পঞ্জীয়ন কৰিব পাৰে নিজৰ নাম। যোগাযোগঃ ৭০০২০ ৫১১২৫ আৰু ৯৮৫৪০ ৫৯০৯১৷