বকোত নৃত্য বিশাৰদ মেঘৰঞ্জনীৰ কথক আৰু ছেমি ক্লাছিকেল নৃত্যৰ কৰ্মশালা
বকোঃ নৃত্য ক’লাৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰা আৰু নিৰোগী হৈ থকাৰ লক্ষ্যৰে দেশৰ আগশাৰীৰ নৃত্য বিশাৰদ মেঘৰঞ্জনীয়ে বকোত আয়োজন কৰে নৃত্য কৰ্মশালা। কামৰূপ জিলাৰ বকোৰ ভালুকঘাটাৰ নিপুণ নৃত্য শিল্পী মিনু দাসৰ তৎপৰতাত বকো সাহিত্য সভা ভৱনত তিনি দিনীয়াকৈ আয়োজন কৰা হৈছে নৃত্য কৰ্মশালা খন। নৃত্য বিশাৰদ তথা শিল্পী মেঘৰঞ্জনীয়ে সমল শিল্পী হিচাপে উপস্থিত থাকি নৃত্য প্ৰশিক্ষণ দিয়া অনুস্থানত প্ৰায় পঞ্চাশ গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কথক আৰু ছেমি ক্লাছিকেল নৃত্য কৰ্মশালাৰ জৰিয়তে নতুন প্ৰজন্মই ভৱিষ্যতে সু নাগৰিক আৰু নৃত্য বিশাৰদ হ’ব পাৰিব বুলি জানিব দিয়ে মেঘৰঞ্জনীয়ে। কৰ্মশালা আয়োজক মণিকংকনা আৰু নৃত্য প্ৰশিক্ষক বৰ্ণালীৰ সহযোগত শিল্পী সকলোক প্ৰশিক্ষণ দিয়া হৈছে।