‘কা’ৰ নামত ভাওনা নকৰিবলৈ সুবিধাবাদী সকলক সকিয়নি হিন্দু যুৱ-ছাত্ৰৰ
গুৱাহাটীঃ ‘কা’ৰ বিৰোধ কৰাৰ নামত একাংশ সুবিধাবাদীয়ে পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰাৰ লগতে এই আইনখন বিৰোধীতা কৰাৰ নামত পুনৰ সুবিধা বুটলিবলৈ সাজু হৈছে বুলি ‘কা’ বিৰোধী সকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য প্রকাশ কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্রীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে। আজি বাতৰি কাকতলৈ প্রেৰণ কৰা এক প্ৰেছ বিবৃতিৰে এনে মন্তব্য প্রকাশ কৰি সংগঠনটোৰ নেতাদয়ে কয় যে পূৰ্ব্বতে ‘কা’ আইনৰ জৰিয়তে দুই কোটি বঙালী হিন্দু অসমলৈ অনা হ’ব আৰু খিলঞ্জীয়া লোকৰ ভূমিত সেই সকল লোকক সংস্থাপিত কৰিব বুলি অপপ্ৰচাৰ চলাই কিছু সংখ্যক অসমীয়া
লোকক সন্মুখত লৈ বাংলাদেশী মুছলমানৰ দ্বাৰা ৰাজ্যখন অশান্ত কৰাৰ ওপৰিও চৰকাৰী সামগ্ৰী তথা ৰাজ্যখনৰ সম্পদ সমূহ ধ্বংস কৰা বুলি মন্তব্য কৰে বৈশ্যই আৰু দাসে। আন্দোলনৰ নামত ৰাজ্যখনত ধ্বংসলীলা চলাবলৈ শত্ৰুৰাষ্ট্র চীন আৰু PFI ৰ পৰা ধন লৈ ৰাজনৈতিক ক্ষমতা দখলৰ সপোন ৰূপায়ণ কৰাৰ ভণ্ডামিৰ নগ্ন ভাবে ওলাই পৰাৰ পিছতো পুনৰ ‘কা’ আন্দোলনৰ নামত সক্রিয় হোৱাতো ‘শিয়াল চৰিত্ৰ’ বুলি আখ্যা দিয়ে সংগঠনটোৰ নেতাদ্বায়ে। একেটা বিবৃতিতে বৈশ্য আৰু দাসে কয় যে ইমান দিনে গাপ মাৰি থকা ‘কা’ বিষয়টোৱে নিৰ্ব্বাচনৰ প্রাক মূহুৰ্ত্তত পুনৰ গা জোকাৰি উঠা কথাটোরে প্রমাণ কৰে যে ‘কা’ বিৰোধী আন্দোলনৰ
নামত একাংশ ধৃত্তই নিৰ্ব্বচন কেন্দ্ৰীক ৰাজনৈতিক উদ্দেশ্য পুৰণ কৰিবলৈ চেষ্টা চলাইছে। তেনে ধূৰ্ত্তসকলে যাতে ‘কা’ বিৰোধীতাৰ আৰত নিজৰ নিজৰ ৰাজনৈতিক স্বার্থ পূৰণ কৰিব নোৱাৰে, তাৰ বাবেও জনসাধাৰণক দৃষ্টি ৰাখিবলৈ আহ্বান জনাই। তেওলোকে লগতে কয় যে ‘কা’ আইন প্ৰবৰ্ত্তন কৰিম বুলি ভোট আদায় কৰা চৰকাৰৰ এইটো প্রাথমিক দায়িত্ব হৈ পৰে যে আইনখন যিমান পাৰে সোনকালেই প্রণয়ন কৰিব লাগে আৰু ইয়াৰ বিৰোধীতা কৰা সকলে আইনৰ জৰিয়তে প্রত্যাহ্বান নজনাই যদি ৰাজপথত উশৃংখল পৰিবেশেৰে আন্দোলনৰ নামত জনতাক হাৰাশাস্তি কৰে, তেন্তে তেনে কৰা সকলৰ বিৰুদ্ধে অতি কঠোৰ পদক্ষেপ লব লাগে বুলি বৈশ্য আৰু দাসে উল্লেখ কৰে।