মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ বহুমুখী স্বাস্থ্য কৰ্মী সন্হাৰ
গুৱাহাটীঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰে স্বাস্থ্য বিভাগৰ বহুমুখী স্বাস্থ্য কৰ্মী সন্হাই৷ আজি আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এশ বিচনাযুক্ত জিলা চিকিৎসালয়ৰ উদ্বোধনী অনুষ্ঠানত বহুমুখী স্বাস্থ্য কৰ্মী সন্হাৰ কামৰূপ জিলা সমিতিৰ সভাপতি গিতুমণি দাস, সম্পাদক নৃপেন ডেকা, দিগন্ত কলিতা, সঞ্জীৱ কলিতা, অমিয় কুমাৰ দাস, মনোজ কাকতি প্ৰমুখ্যে এটি দলে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে৷ স্মাৰক পত্ৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই স্বাস্থ্য মন্ত্ৰীৰে আলোচনা কৰি সমস্যা সমূহ সমাধান কৰিব বুলি আশ্বাস দিয়ে৷