বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ কাৰ্য্যকৰী সভা সম্পন্নঃ অহা ৯ মাৰ্চত সাধাৰণ সভা
বকোঃ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু সমাগত। কামৰূপ জিলাৰ বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ উদ্যোগতো ৫৫ সংখ্যক বৰ্ষ গৰকা বিহু আয়োজনৰ প্ৰস্তুতি চলিছে। এই উপলক্ষে বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ আজি অনুষ্ঠিত হয় শেষৰ খন কাৰ্য্যনিৰ্বাহক সভা। বিহু সন্মিলন আয়োজক সমিতিৰ সাধাৰণ সম্পাদক গোবিন্দ দলৈয়ে আত আৰু উদ্দেশ্য বাখ্যা কৰা সভা খন সভাপতি ধনঞ্জয় মেধিয়ে সঞ্চালনা কৰে। সভাত বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উপদেষ্টা তথা প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস, ৰমেশ চন্দ্ৰ ডেকা, বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতা, জ্যেষ্ঠ্য শিল্পী জয়দেৱ অধিকাৰী, কৰ্ণ ভূষণ ৰাভা, গিৰীন্দ্ৰ
কুমাৰ চৌধুৰী, দীপক কুমাৰকে ধৰি বহু জ্যেষ্ঠ্যই আসন অলংকৃত কৰে। সভাৰ কাৰ্য্যসুচী অনুসৰি সাধাৰণ সভাৰ সম্পাদকীয় প্ৰতিবেদন, হিচাব পৰীক্ষকৰ প্ৰতিবেদন পাঠ আৰু সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়। সভাত আগন্তুক ব’হাগ বিহুত বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে ৫৬ সংখ্যক বৰ্ষৰ বাবে বিহুৰ আয়োজন কৰিব। সেই উপলক্ষে অহা ৯ মাৰ্চ শনিবাৰে দিনৰ ১১ বজাত বিহু তলিত অনুষ্ঠিত কৰা হ’ব সাধাৰণ সভা। সভাত বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ শুভাকাংশী সকলোক উপস্থিত থকাৰ আহ্বান জনাইছে সভাপতি/সম্পাদকে।