দিবানৈশ ধৰ্মঘট অব্যাহতঃ দাবী পূৰণ নোহোৱালৈ চলিব অঙ্গনৱাড়ী কৰ্মী-সহায়িকাৰ আন্দোলন
গুৱাহাটীঃ মাননি সলনি মজুৰি আদায় দিয়া অথবা মজুৰি দিব নোৱাৰা লৈকে মাননিৰ পৰিমাণ বৃদ্ধি কৰাৰ দাবীত চলা অঙ্গনৱাড়ী কৰ্মী সহায়িকাৰ বিক্ষোভ ধৰ্মঘট আজি তৃতীয় দিনাও অব্যাহত আছে। যোৱা ২৬ ফেব্ৰুৱাৰীৰ প্ৰায় ১৭ সহস্ৰাধিক কৰ্মী সহায়িকাই মহা বিক্ষোভ প্ৰদৰ্শন কৰাৰ পিছত অসমৰ বিজেপি চৰকাৰখনে কোনো গ্ৰহনযোগ্য উত্তৰ নিদিয়াত দিনে নিশাই বিক্ষোভ ধৰ্মঘট চলাই আছে চি আই টি ইউৰ অন্তৰ্ভুক্ত অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাই। আজি সংগঠটোৰ নেতৃত্বই জনাই যে চছলৰ দিবানৈশ এই ধৰ্মঘট উপৰিও অহা কাইলৈৰ পৰা অসমৰ সকলো প্ৰকল্প কাৰ্যালয়তো চলিব অৱস্থান ধৰ্মঘট। বিক্ষোভকাৰী সংগঠনটোৰ ৰাজ্যিক সভাপতি
জয়মতী দাস আৰু ইন্দিৰা নেৱাৰে জনাই যে চৰকাৰে গ্ৰহনযোগ্য উত্তৰ নিদিয়ালৈকে ৰাজ্যজোৰা অসহযোগ চলি থাকিব আৰু চচলত অৱস্থান ধৰ্মঘটো চলি থাকিব৷ আজি বিক্ষোভ স্থলীত জইণ্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়ন অসমৰ আহ্বায়ক ভবেন্দ্ৰ কুমাৰ কলিতা অংশ লৈ কয় যে বিজেপি চৰকাৰৰ দিনত হাজাৰ হাজাৰ মহিলা কৰ্মচাৰীয়ে গুৱাহাটীৰ ৰাজপথত দিনে নিশাই আন্দোলন কৰিবলৈ আজি বাধ্য হৈ পৰিছে। যোৱা ২০২২ৰ মাৰ্চ ৰ পৰা বৰ্তমান লৈকে অসমৰ অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সকলে বহুবাৰ স্মাৰকপত্ৰ দি আহিছে অসমৰ বিজেপি চৰকাৰ খনক। ৰাজ্যজোৰা আন্দোলন কৰি দাবী কৰি থকা হৈছে যাতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মাননি ধন
বৃদ্ধি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু এই চৰকাৰৰ কোনো গুৰুত্ব নাই। চৰকাৰে বাজেটত গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই থকা মহিলা কৰ্মচাৰী সকলক অৱজ্ঞা কৰিলে৷ কাৰ্যসূচীত চি আই টি ইউ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা, ৰাজ্যিক বিষয়ববীয়া ক্ৰমে বিজন দাস, ভোলা শৰ্মা, পৰিমল সেন, যুৱ শ্ৰমিক নেতা প্ৰতুল বৰ্মন, বেঙ্ক কৰ্মচাৰী ফেডাৰেছন ৰ নেতা দিবাকৰ বৰ্মন , মনোজ ৰয় উপস্থিত থাকি সমৰ্থন ব্যাক্তকৰে। অসম ফাৰ্মাচিউটিকেল এচোছিয়েশ্যনৰ সভাপতি তথা সমাজকৰ্মী প্ৰফুল্ল শৰ্মা ই সমৰ্থন সুচক বক্তব্য ৰাখি দিনে নিশাই ধৰ্ণা দি থকা মহিলা কৰ্মচাৰীসকলক অভিনন্দন জনায় আৰু অসম চৰকাৰৰ নিৰ্লিপ্ততাক ধিক্কাৰ জনায় আৰু তেওঁলোকে কয় চৰকাৰে শীঘ্ৰে কৰ্মী সহায়িকাৰ দাবীবোৰ মানি লব লাগে আৰু এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লাগে৷