ashomiyapatrika.com

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হুংকাৰঃ একত্ৰীকৰণৰ নামত বিদ্যালয়ৰ পাছত মহাবিদ্যালয় বন্ধ কৰিবলৈ দিয়া নহব

0 36

অদক্ষ শিক্ষামন্ত্রীয়ে পদত্যাগ কৰক

গুৱাহাটীঃ ৰাজ্যত শীঘ্ৰে বন্ধ কৰি দিয়া হব ৭৯ খন চৰকাৰী মহাবিদ্যালয়৷ সেই সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিৰাজু বৰা, দেৱেন শৰ্মা, কাৰ্যকৰী সভাপতি মুকুট ডেকা, ৰাজুৰাজ বৰপাত্ৰগোঁহাই, ৰাতুল হুচেইন, সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, বিতু সোণোৱালে কয় যে, অসম চৰকাৰে এটা ভয়ানক আৰু হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি ৭৯ খন চৰকাৰী মহাবিদ্যালয়ৰ প্ৰথম অৱস্থাত বিভাগ সমূহ তাৰ পাছত মহাবিদ্যালয়সমূহ বন্ধ কৰিবলৈ লৈছে। ইয়াৰ আগতে বিভিন্ন অজুহাতত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ প্ৰায় সাত আঠ হাজাৰখন বিদ্যালয় বন্ধ কৰি দিয়াৰ পাছত বৰ্তমান লক্ষ্য হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ ৰ মহাবিদ্যালয়সমূহ। অজুহাত

৫০০তকৈ কম ছাত্ৰ ছাত্ৰী৷ উদাহৰণস্বৰূপে জীয়াঢল, মৰঙী, কাকপথাৰ মহাবিদ্যালয়। জীয়াঢল অঞ্চলটো বানপীড়িত এটা অঞ্চল৷ বানপীড়িত , দৰিদ্ৰ ৰাইজৰ লৰা ছোৱালী বোৰে শিক্ষাৰ পোহৰ পাবলৈ বুলি সেই অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজে কাৰোবাৰ বাৰীৰ পৰা কাঠ, বাঁহ গোটাই বিহুমাৰি, শ্ৰমদান কৰি প্ৰথমাৱস্থাত এই অনুষ্ঠানবোৰ গঢ় দি প্ৰাদেশীকৃত পৰ্যায়লৈ লৈ গল । প্ৰশ্ন হল, সেই শিক্ষানুষ্ঠান যদি পাঁচশতকৈ কম ছাত্ৰ ছাত্ৰী আছে বুলি বন্ধ কৰি দিয়া হয়, তেন্তে সেই আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীবোৰ ৰ ভৱিষ্যত কি হব ? যি সময়ত অৰুণোদয়ৰ ১২৫০ টকালৈ মানুহে ঘৰ চলাবলৈ বাট চাব লগা হৈছে, মূল্যবৃদ্ধিত কোঙা, আৰ্থিক অভাৱত

জৰ্জৰিত , জনমূৰি আয় কমিছে তেনে পৰিস্থিতিত অভিভাৱকসকলে কোনো কাৰণত ৩০- ৪০ কিলমিটাৰ দূৰ ৰ ধেমাজী মহাবিদ্যালয়ত হোষ্টেলত ৰাখি, গাড়ীত দৈনিক অহা যোৱা কৰি পঢ়ুৱাব যে নোৱাৰে সেইটো ধুৰুপ। অৰ্থাৎ সেই অঞ্চলৰ লৰা ছোৱালীবোৰক শিক্ষা লাভৰ পৰা বঞ্চিত কৰিব বিচাৰিছে চৰকাৰে। ঠিক তেনেকৈ মৰঙী মহাবিদ্যালয় । বন্যপ্ৰাণীৰ উপদ্ৰৱত খেতি বাতি নোহোৱা, চাহ জনগোষ্ঠীৰ লৰা ছোৱালীবোৰে শিক্ষা লাভ কৰা মহাবিদ্যালয়খন বন্ধ হলে সেইসকল অভিভাৱকে ডি আৰ কলেজ অথবা চহৰৰ অন্য কোনো কলেজত লৰা ছোৱালীক পঢ়াব নোৱাৰে৷ মৰাণ, মটক জনগোষ্ঠীৰ মানুহৰ লৰা ছোৱালী পঢ়া তিনিচুকীয়াৰ সেই

ভিতৰৰ কাকপথাৰ কলেজখন সেই অঞ্চলবোৰত লৰা ছোৱালী বোৰক শিক্ষাৰ পোহৰ বিলাইছে। যৰ পৰা তিনিচুকীয়া অতগবা ডুমডুমালৈ প্ৰায় ৩০ ৰ পৰা ৪০ কিলমিটাৰ দূৰত্ব৷ অৰ্থাৎ ভিতৰুৱা অঞ্চলৰ আৰ্থিকভাৱে পিচপৰা, শ্ৰমজীৱী মানুহৰ লৰা ছোৱালীবোৰে শিক্ষা লাভ কৰিব নালাগে৷ আজীৱন চৰকাৰী হিতাধীকাৰী, অশিক্ষিত কৰি ৰাখি শাসকৰ ভৰিৰ তলত ৰখাৰ অভিপ্ৰায়ৰ কাৰণেই চৰকাৰী শিক্ষা ব্যৱস্থাক পৰ্যায় ক্ৰমে মষিমূৰ কৰি অনা হৈছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ছাত্ৰ ছাত্ৰী কিয় কম হৈছে ? সেই পৰ্যালোচনা চৰকাৰে , বিভাগে কৰিব নে নকৰে ? আধাতে স্কুল এৰা লৰা ছোৱালীৰ সংখ্যা গোটেই দেশৰ ভিতৰত অসমৰ সৰহ । স্কুল কলেজ

আধাতে সামৰি চেন্নাই, বাংগালোৰত চিকিউৰিটি, লেবাৰৰ কাম কৰিবলৈ যাব লগা হোৱা লৰা ছোৱালী বোৰ ৰ পৰিস্থিতিবোৰ কি, জানিবলৈ বুজিবলৈ কাৰোবাৰ সাহস হবনে ? কি কি কাৰণত অভিভাৱকে লৰা ছোৱালীক চৰকাৰী বিদ্যালয়ৰ পৰা নি ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি কৰাই দিছেগৈ সেইয়াও চৰকাৰে বিবেচনা কৰক৷ আন্ত:গাঠঁনিৰ অভাৱ, শিক্ষকৰ পৰা অধ্যক্ষৰ পদবীলৈকে খালী থকা বহু চৰকাৰী শিক্ষানুষ্ঠানত ক্ৰুটিপূৰ্ণ ব্যৱস্থাৰ বাবেই আৰ্থিক সমস্যা সত্ত্বেও অভিভাৱকে জোৰা টাপলি মাৰিও ব্যক্তিগত বিদ্যালয়ত দিছে লৰা ছোৱালীক৷ শেষৰ ১৫ বছৰে শিক্ষামন্ত্রীৰ দায়িত্বত থাকি শিক্ষা ব্যৱস্থাৰ উন্নতিৰ কাৰণে

একো নকৰা হিমন্ত বিশ্ব শৰ্মাৰ পথকেই অনুকৰণ কৰি ৰণোজ পেগুৱে এতিয়া হাল বাব নাজানি চোতালখন বেকা বুলি কৈ বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ মূৰত ৰাম টাঙোন শোধাবলৈ এইধৰণৰ বিবেচনাহীন, হঠকাৰী সিদ্ধান্ত লৈছে৷

Leave A Reply

Your email address will not be published.