ashomiyapatrika.com

ক্ৰীড়াবিদ প্ৰবীন চন্দ্ৰ দাসক ‘ক্ৰীড়াশ্ৰী’ উপাধি প্ৰদান, বিশেষ সম্বৰ্ধনা

0 48

দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱৰ ‘গাঁৱলৈ যাওঁ বলক’ অনুষ্ঠান

মিৰ্জাঃ দক্ষিণ কামৰূপৰ সাংবাদিক, শিল্পী- সাহিত্যিকৰ অন্যতম অনুষ্ঠান ‘দক্ষিণ কামৰূপ প্ৰেছ ক্লাব’ৰ উদ্যোগত ‘গাঁৱলৈ যাওঁ ব’লক’ শীৰ্ষক কাৰ্যসূচী বিভিন্ন সময়ত ৰূপায়ণ কৰি আহিছে। ইয়াৰে অংশ হিচাপে আজি পলাশবাৰীৰ সৰপাৰা গাঁৱৰ বাসিন্দা তথা সৰপাৰা স্বর্ণ শাখা সাহিত্য সভাৰ সভাপতি, বিশিষ্ট ক্রীড়াবিদ, ‌অৱসৰপ্ৰাপ্ত শিক্ষক প্রবীন চন্দ্ৰ দাসৰ বাসভৱনত অনুষ্ঠিতব্য সভাত তেওক বিশেষভাৱে সম্বর্ধনা জনোৱাৰ লগতে ‘ক্রীড়াশ্রী’ উপাধি প্রদান কৰা হয়। এই উপলক্ষে দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ তালুকদাৰ আৰু সম্পাদক বিশ্বজিৎ কলিতাৰ নেতৃত্বত অনুষ্ঠিত সভাৰ প্ৰথমে স্মৃতি তর্পণ, বন্তি প্ৰজ্বলন কৰে

দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সভাপতি তথা ক্ৰীড়া সংগঠন নাৰায়ণ চৌধুৰীয়ে। বৃক্ষ ৰোপন কৰে দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি যাদৱ কিংকৰ শৰ্মাই। দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱৰ সম্পাদক বিশ্বজিৎ কলিতাই আদৰণী ভাষণ পাঠ কৰা সভাখন পৌৰোহিত্য কৰে দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ তালুকদাৰে। কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধীৰেণ শৰ্মাই বিশেষ সম্বর্ধনা সভাখন মুকলি কৰি ক্ৰীড়াবিদ প্ৰবীন চন্দ্ৰ দাসৰ কৰ্মময় জীৱন আৰু ক্ৰীড়াৰ সৈতে থকা সম্পৰ্কৰ কথা ভাষণ প্ৰসঙ্গত উল্লেখ কৰে।ইয়াৰে পিছত প্রবীন চন্দ্ৰ দাসক সম্বর্ধনা আৰু ‘ক্রীড়াশ্ৰী’ উপাধি প্রদান কৰাৰ লগতে ক্ৰীড়াবিদ প্রবীন

চন্দ্ৰ দাসৰ জীৱনী তথা বিভিন্নজন শুভাকাংশীৰ লেখনীৰে সমৃদ্ধ ‘প্রবীনজ্যোতি’ নামৰ এখন অভিনন্দন গ্রন্থ উন্মোচন কৰা হয়। অভিনন্দন গ্রন্থ ‘প্রবীনজ্যোতি’ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক জগদীশ পাটগিৰিয়ে। গ্ৰন্থখন উন্মোচন কৰি পাটগিৰিয়ে ক্ৰীড়াবিদ প্ৰবীন চন্দ্ৰ দাসৰ বিভিন্ন সময়ত ক্ৰীড়া তথা সমাজৰ হৈ আগবঢ়োৱা অৱদানৰ বিষয়ে ভাষণত উল্লেখ কৰে। সভাত পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতা, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, অসম খো-খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা, পলাশবাৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি

মায়াৰাম দাসৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি দাসৰ কৰ্মজীৱনৰ ওপৰত ভাষণ প্ৰদান কৰে। উক্ত অনুষ্ঠানত দক্ষিণ কামৰূপৰ শতাধিক লোকে অংশগ্ৰহণ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Leave A Reply

Your email address will not be published.