ashomiyapatrika.com

কৃষক মুক্তিৰ কাৰ্যালয়ত গুৱাহাটী ভূমিস্বত অধিকাৰ আন্দোলনত দিছপুৰত আত্মজাহ দিয়া ছহীদ প্ৰনৱ বড়োলৈ শ্ৰদ্ধাঞ্জলি

0 33

অসমৰ প্ৰতিগৰাকী ভূমিহীন লোকে ভূমি অধিকাৰ নোপোৱা পৰ্যন্ত জংগী আন্দোলন চলাই যোৱাৰ সংকল্প কৃষক মুক্তিৰঃ প্ৰনৱ বড়োৰ চৰম ত্যাগ আমাৰ প্ৰতিগৰাকী কৃষক মুক্তিৰ সদস্যৰ বাবে আদৰ্শ আৰু প্ৰেৰণাঃ অনুষ্ঠানত অংশগ্ৰহণ অখিল গগৈৰ

গুৱাহাটীঃ গুৱাহাটীৰ পাহাৰ, জলাশয়ৰ পাৰ, বনাঞ্চল, চৰকাৰী মাটি আদিত যুগ যুগ ধৰি বসবাস কৰি অহা ভূমিহীন থলুৱা লোক সকলক ভূমি পট্টা প্ৰদানৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চলাই অহা ধাৰাবাহিক আন্দোলনৰ মাজতে ২০১৪ চনৰ ২৪ ফেব্ৰুৱাৰী আজিৰ দিনটোতে কৃষক মুক্তিৰ নেতা প্ৰনৱ বড়োৱে দিছপুৰত আত্মজাহ দিছিল। কৃষক মুক্তিৰ আন্দোলনক আওকাণ কৰি তদানীন্তন তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে শংকৰদেৱ কলাক্ষেত্ৰত বাচি বাচি কেৱল একাংশ ধনী শ্ৰেনীৰ লোকক মাটিৰ পট্টা প্ৰদানৰ বাবে এক চৰকাৰী অনুষ্ঠানৰ আয়োজন কৰিছিল। সেই দিনটোতে থলুৱা, দৰিদ্ৰ লোক সকলক বঞ্চিত কৰাৰ প্ৰতিবাদত দিছপুৰত

গাত জুই লগাই আত্মজাহ দিছিল বীৰ ছহীদ প্ৰনৱ বড়োৱে। লগে লগে চৰকাৰে বন্ধ কৰিবলৈ বাধ্য হৈছিল কলাক্ষেত্ৰৰ ভূমি পট্টা প্ৰদান অনুষ্ঠান। হাহাকাৰ লাগিছিল অসম চৰকাৰৰ তথা সমগ্ৰ দেশজুৰি। বিশেষকৈ গুৱাহাটীৰ বিভিন্ন ঠাইত বসবাস কৰা থলুৱা, বৈধ নাগৰিক সকলৰ ভূমি স্বত্ব অধিকাৰৰ ন্যায্য দাবী আৰু পুজিপতি আৰু ধনী শ্ৰেণীৰ পক্ষ লৈ থলুৱা আৰু খাটিখোৱা জনতাৰ বিৰুদ্ধে কাম কৰা চৰকাৰক যাতে বাধ্য কৰাব পাৰে থলুৱা, কৰ্মঠ জনতাক দখলীকৃত ভূমিত অধিকাৰ প্ৰদান কৰিবলৈ সেই স্বাৰ্থত চৰম ত্যাগ কৰিবলৈ বাধ্য হৈছিল শ্বহীদ প্ৰণৱ বড়ো৷ এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱেন শৰ্মা,

ৰাজু বৰা আৰু সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু বিতু সোনোৱালৰ স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিত কয় যে প্ৰনৱ বড়ো কেৱল কৃষক মুক্তিৰে নহয় অসমীয়া জাতিৰ বাবে এক আদৰ্শ। অসমৰ লাখ লাখ ভূমিহীন পৰিয়ালৰ ভূমি অধিকাৰ লাভৰ স্বাৰ্থত চৰম ত্যাগ কৰা প্ৰনৱ বড়োৰ ত্যাগ কেতিয়াও কৃষক মুক্তিয়ে অথলে যাবলৈ নিদিয়ে। এই ৰক্ত ৰঞ্জিত ইতিহাস সোঁৱৰি আগন্তুক দিনত থলুৱা আৰু খাটিখোৱা জনতাৰ স্বাৰ্থত আপোচবিহীন ভাবে যুজঁ দি যাব কৃষক মুক্তিয়ে বুলি বিবৃতিত উল্লেখ কৰে। আজি অসমৰ প্ৰতিখন জিলাৰ পৰা অহা কৃষক মুক্তিৰ প্ৰায় ২০০ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে দিনজোৰা কাৰ্যসূচীৰে ছহীদ প্ৰনৱ বড়োলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু প্ৰতিবাদী

সভা আয়োজন কৰে কৃষক মুক্তিৰ কেন্দ্ৰীয় কাৰ্যালয় দক্ষ প্ৰসাদ ডেকা ভৱনত। পুৱা ৯ বজাত সংগঠনটোৰ উপদেষ্টা সুব্ৰত চক্ৰৱৰ্তী আৰু ভাষ্কো ডি শইকীয়াই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অংশগ্ৰহণ কৰি ছহীদ গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দিনৰ এঘাৰ বজাত এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰি অসমৰ প্ৰতিটো পৰিয়ালক ভূমি অধিকাৰ প্ৰদানৰ বাবে চৰকাৰক ফলপ্ৰসু ব্যৱস্থা গ্ৰহণৰ দাবী জনাই সংগঠনটোৱে। লগতে বসুন্ধৰাৰ জৰিয়তে থলুৱাক ভূমি প্ৰদানৰ নামত চৰকাৰে কৰা নাটক আৰু মাটিৰ প্ৰিমিয়ামৰ নামত চৰকাৰে ডকাইতৰ

দৰে মাটিৰ মূলতকৈও অধিক টকা জমা দিবলৈ বাধ্য কৰোৱা বুলি তাৎপৰ্যপূৰ্ণ অভিযোগ উত্থাপন কৰি। অতিশীঘ্ৰে এই সম্পৰ্কত কৃষক মুক্তিয়ে সকলো কথা ৰাজহুৱা কৰিব বুলি ব্যক্ত কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই।

Leave A Reply

Your email address will not be published.