ashomiyapatrika.com

‘মিছন বসুন্ধৰা’ ড° হিমন্ত বিশ্ব শৰ্মাৰ এক সফল স্বপ্নৰ প্ৰকল্প আৰু ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম সংকল্পঃ পবিত্র মাৰ্ঘেৰিটা

0 35

তোষামোদৰ ৰাজনীতিত ব্যক্ত কংগ্ৰেছত পৰিশেষত মিঞা লোকহে থাকিবগৈ

গুৱাহাটীঃ ‘ভাৰতীয় জনতা পার্টিয়ে সদায়েই বিশ্বাস কৰে যে জাতি, মাটি, ভেঁটি সুৰক্ষিত হৈ থাকিলেহে অসমীয়া তথা ভাৰতীয় সমাজ সদায় সুৰক্ষিত হৈ থাকিব। এইয়া বিজেপি নেতৃত্বাধীন চৰকাৰৰ কোনো শ্ল’গান নহয়, ব্যৱহাৰিকভাৱে এইক্ষেত্ৰত কেনেদৰে সফলতাৰে ৰাইজলৈ সেৱা আগবঢ়াইছে তাৰ প্ৰমাণ অসমবাসীয়ে ‘মিছন বসুন্ধৰা’ আঁচনিৰ জৰিয়তে প্রত্যক্ষ কৰিছে।’ – এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা মুখপাত্র পবিত্র মাৰ্ঘেৰিটাৰ। আজি দলৰ বশিষ্ঠস্থিত মুখ্য কার্যালয়ত এক সংবাদ মেল সম্বোধন কৰি ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে কয়, মাটি- বাৰী সংক্রান্তীয় সকলো কাম ডিজিটাইজেশ্যনৰ জৰয়িতে সৰলীকৃত কৰি লিপিবদ্ধ

কৰাৰ সমান্তৰালভাবে অসমৰ ৰাইজে মাটি-বাৰী সংক্রান্তীয় সকলো সমস্যাৰ ফলপ্রসূ সমাধানৰ কাৰণে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ‘মিছন বসুন্ধৰা’ আঁচনিৰ অধীনত নিৰলসভাবে কাম কৰি আছে। এই আঁচনিৰ প্রথম পর্যায় ইতিমধ্যে সফলভাবে সমাপন হোৱাৰ পিছত ‘মিছন বসুন্ধৰা-২.০’ য়ো সফলভাবে আগবাঢ়িছে। মুখপাত্র গৰাকীয়ে পুনৰাই কয়, ‘মিছন বসুন্ধৰা-১’ ৰ অধীনত ২৭,৪৮,১৫২ খন আবেদন লাভ কৰিছিল আৰু ইয়াৰে ৮৮ শতাংশ অর্থ্যাৎ ২৪,১০,৩০৭ খন আবেদন নিষ্পত্তি হৈছে, ১৯,০১,৮৬১ গৰাকীক সেৱা প্ৰদান কৰা হৈছে। এই সফলতাৰ পৰৱৰ্তী পদক্ষেপ হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাৰ স্বপ্নৰ প্রকল্প আৰু

ভাৰতীয় জনতা পার্টিৰ অন্যতম সংকল্প ‘মিছন বসুন্ধৰা-২.০’ ৰ কামো আৰম্ভ হৈছে। ইয়াৰ অধীনত এই মাহত ২,২৯,৬৫৯ খন ভূমি পট্টা প্রদান কৰা হ’ব। ইয়াৰে ভিতৰত ১,৯২,০৫৬ অর্থ্যাৎ ৮৪ শতাংশ প্রস্তাব অনুসূচিত জনজাতি, অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্রেণী আৰু অধিক অন্যান্য পিছপৰা শ্রেণীলৈ দিয়া হৈছে। ইয়াৰ বাবে ৰাজ্যিক বিজেপিয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰৰক অশেষ ধন্যবাদ জনোৱাৰ লগতে ভূমি পট্টা লাভ কৰা প্ৰতিগৰাকী খিলঞ্জীয়ালৈ আন্তৰিক অভিনন্দন জনাইছে। আনহাতে বিৰোধী ৰাজনৈতিক দল সম্পৰ্কত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত সাংসদ পবিত্র মাৰ্ঘেৰিটাই কয় যে সৰ্বভাৰতীয়

পৰ্যায়ত ইণ্ডিয়া এলায়েন্স কি পর্যায় পাইছে গৈ সেয়া সমগ্র দেশবাসীয়ে প্রত্যক্ষ কৰিছে। অসমতো এন জি অ’ৰ পৰা আৰম্ভ কৰি কোনো নাম-নিচান নথকা দলক লৈ তেওঁলোকে এলায়েন্স কৰিছিল। ইয়াত কোনো নতুনত্ব নাই। প্রত্যেকটো নির্বাচনতে অসমবাসীয়ে তেওঁলোকক নস্যাৎ কৰিছে। ইণ্ডিয়া এলায়েন্সক অনৈতিক বুলি কটাক্ষ কৰি তেওঁ লগতে কয় অসম আন্দোলনৰ সময়ত কংগ্রেছে ৮৫৫ জন অসমীয়াক গুলীয়াই হত্যা কৰিছিল। সেই কংগ্ৰেছৰ লগত জাতীয়তাবাদীৰ পোছাক পিন্ধা লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন ৰাজনৈতিক দলটো নতশিৰ হোৱাটো অত্যন্ত দুভার্গ্যজনক আৰু গৰিহণাৰ যোগ্য। বিজেপি দললৈ কংগ্রেছ তথা অন্য বিৰোধী দলৰ

লগতে ভিন্নক্ষেত্ৰৰ নাগৰিক সকলৰ আগমণ সম্পৰ্কত সোধা এক প্ৰশ্নৰ উত্তৰত মাৰ্ঘেৰিটাই কয় যে দলৰ নীতি-আদর্শ-দর্শনক সৰোগত কৰি সমর্পিতভাৱে বিজেপিৰ মঞ্চৰ পৰা স্বদেশৰ বাবে কাম কৰিবলৈ সংকল্প লোৱা প্ৰতিজন ব্যক্তিৰ বাবেই বিজেপিৰ দুৱাৰ খোলা। কংগ্ৰেছৰ বহু লোকে যোগদানৰ বাবে আগ্রহ প্রকাশ কৰাটো সচা। ৮৫৫ জন ছহিদৰ হত্যাৰ ইতিহাসেৰে কলুষিত, সনাতন সংস্কৃতিৰ বিৰুদ্ধাচৰণ কৰা আৰু বাংলাদেশীৰ মিঞাৰ তোষামোদত সমর্পিত দলটোৰ পৰা পৰিত্ৰাণ বিচৰাটো এক স্বাভাবিক কথা। আনকি মহাপুৰুষীয়া সাংস্কৃতিক পৰিৱেশৰ মাজত ডাঙৰ-দীঘল হোৱা তথা এটা শিক্ষিত-সাংস্কৃতিক পৰিয়ালৰ সদস্য,

কংগ্ৰেছ সভাপতি ভূপেন বৰায়ো বিজেপিত যোগদানৰ বাবে আবেদন কৰিবলৈ বেছি দিন নাই। অৱশ্যে তেতিয়া তেওঁ গান্ধী-বাড্ৰা পৰিয়ালৰ পৰিৱতে অসমী আই তথা ভাৰত মাতৃক বন্দনা কৰিব লাগিব। তোষামোদৰ ৰাজনীতিত ব্যস্ত কংগ্ৰেছত পৰিশেষত মিঞা লোকহে থাকিবগৈ আৰু অসমত মূলতঃ কংগ্রেছ-এ আই ইউ ডি এফৰ নেতৃত্বত মিঞা সকল আৰু বিজেপি মিত্রজোঁটৰ নেতৃত্বত খিলঞ্জীয়া লোকৰ ৰাজনৈতিক-সামাজিক প্রতিদ্বন্দিতা হ’ব। সদ্যহতে কংগ্রেছ ব্যস্ত তোষামোদ আৰু বিজ্ঞপ্তি প্রদানতআৰু বিজেপি বর্তমান কর্তব্যৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মাৰ্গদর্শনেৰে বিকশিত ভাৰত গঢ়াৰ সংকল্পৰে হাতে হাতে ধৰি আগুৱাই যোৱাত।

Leave A Reply

Your email address will not be published.