ashomiyapatrika.com

বকোৰ বাটাকুচিত ‘ইলেভেন চিষ্টাৰ্ছ অৰ্গেনাইজেশ্বনৰ’ উদ্যোগত আৰু অমৃতপ্ৰভা ৰেঞ্জাৰ টিমৰ সহযোগত স্বাস্থ্য সেৱা শিবিৰ

0 31

বকোঃ স্বেচ্ছাসেৱী মহিলা সংগঠন ‘ইলেভেন চিষ্টাৰ্ছ অৰ্গেনাইজেশ্বন’ গুৱাহাটীৰ উদ্যোগত আৰু অমৃতপ্ৰভা ৰেঞ্জাৰ টিম জে এন কলেজৰ সহযোগত আজি কামৰূপ জিলাৰ বকোৰ বাটাকুচিত আয়োজন কৰা হয় এখন স্বাস্থ্য সেৱা শিবিৰ। উদ্যোক্তা সংগঠনৰ সভানেত্ৰী মঞ্জুলা ভট্টাচাৰ্য্য, সম্পাদিকা নিভা শইকীয়া আৰু অমৃতপ্ৰভা ৰেঞ্জাৰ টিমৰ অধ্যক্ষা বিজয়া ডেকাই জনোৱা মতে গ্ৰামাঞ্চলৰ পৰিয়ালৰ মাজত স্বাস্থ্য সজাগতা বৃদ্ধি কৰিবলৈ আৰু নিৰোগী কৰি সু – স্বাস্থবান কৰি ৰাখিবলৈ আয়োজন কৰা হৈছে স্বাস্থ্য সেৱা শিবিৰ। স্বাস্থ্য সেৱা শিবিৰত আশী গৰাকীতকৈ অধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়। আজিৰ স্বাস্থ্য

সেৱা শিবিৰত বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ বিশ্বজিৎ দে আৰু ডাঃ বি মণ্ডলৰ উপৰিও কেৱাগৰাকী নাৰ্চ, ফাৰ্মাছিত আৰু অন্যান্য স্বাস্থ্য সেৱা কৰ্মীয়ে সহযোগ আগবঢ়াই। উল্লেখ্য যে দিনৰ ১১ বজাত স্বাস্থ্য সেৱা শিবিৰটো আনুস্থানিক ভাৱে উদ্ধোধন কৰে ভাৰত স্কাউট এণ্ড গাইড অসমৰ কামৰূপ জিলা সংস্থাৰ বিষয়া বিজয়া ডেকাই। জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মহিতোষ বেনাৰ্জী আৰু সহকাৰী যুটীয়া সঞ্চালক ডাঃ অপূৰ্ব তালুকদাৰে সহযোগ কৰা স্বাস্থ্য সেৱা শিবিৰত ইলেভেন চিষ্টাৰ্ছৰ ৰশ্মি বৈশ্য, প্ৰণামিকা বৰ্মন,

সুনিতা সিংহা, জুলি শইকীয়া, ৰীতা কলিতা, চিত্ৰা মেধি, মিনাক্ষী শ্যামকে ধৰি বহু বিষয়া কৰ্মীয়ে সহযোগ আগবঢ়ায়৷

Leave A Reply

Your email address will not be published.