বকোৰ গামেৰীমুৰাত বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপনৰ প্ৰস্তূতিঃ লাইখুটা স্থাপন
বকোঃ বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী আৰু মহিলা সন্মিলনীৰ উদ্যোগত, গামেৰীমুৰা কোচ জ্ঞাতী গাওঁ শাখাৰ সহযোগত বকোৰ গামেৰীমুৰাত আয়োজন কৰা হৈছে চিলাৰায় দিৱস। গামেৰীমুৰা গঞা ৰাইজৰ সহযোগত অহা ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত দুই দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৫১৪ সংখ্যক বৰ্ষৰ চিলাৰায়ৰ জন্ম জয়ন্তী বৰ্ষ উদযাপন কৰা হ’ব। ইফালে আজি চিলাৰায় দিৱসৰ বৰ্ণাঢ্য অনুষ্ঠান সুচাৰুৰূপে পৰিচালনা কৰিবলৈ স্থাপন কৰে লাইখুটা। এক মাংগলিক ৰীতি-নীতিৰে লাইখুটা স্থাপন কৰে দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক দীপক
কুমাৰ ৰয়ে। সংগঠনটোৰ আঞ্চলিক সমিতিৰ সভাপতি জোন চৌধুৰীয়ে আত ধৰা কাৰ্য্যসুচীত কোচ ৰাজবংশী সন্মিলনী, যুৱ ছাত্ৰ সন্মিলনীৰ অনুপম দাস, বিষ্ণু ৰাম দাস আৰু হিমাংশু দাসৰ উপৰিও মহিলা সন্মিলনী আৰু আয়োজক সমিতিৰ বিষয় ববীয়াই সহযোগ আগবঢ়াই। লাইখুটা স্থাপন অনুস্থানত কোচ ৰাজবংশী কৃষ্টি, নৃত্য গীতৰ সমাহাৰ ঘটে।