বন্ধুত্বপূৰ্ণ ক্ৰিকেট খেলত জয়ী চিৰাং আৰক্ষী
কাজলগাঁওঃ দুই সীমামূৰীয়া জিলা বঙাইগাঁও আৰু চিৰাঙৰ আৰক্ষীৰ মাজত বুজাবুজি আৰু সহযোগিতাপূৰ্ণ পৰিৱেশ বৃদ্ধি কৰাৰ লক্ষেৰে দুয়োখন জিলাৰ আৰক্ষীৰ মাজত কালি নিশা এখন বন্ধুত্বপূৰ্ণ সীমিত অভাৰৰ ক্ৰিকেট খেল অনুষ্ঠিত হৈ যায়। বঙাইগাঁও শোধনাগাৰৰ খেলপথাৰত নিশাৰ ভাগত অনুষ্ঠিত খেলখনত চিৰাং জিলা আৰক্ষীয়ে বঙাইগাঁও জিলা আৰক্ষীক ৫ উইকেটত পৰাজিত কৰে। প্ৰথমে বেটিং কৰি বঙাইগাঁও আৰক্ষীয়ে নিৰ্দ্ধাৰিত ১৫ অভাৰত ৰেংমা বড়োৰ ৫৮ ৰানৰ সহায়ত ৬ উইকেটৰ বিনিময়ত ১৩৫ ৰান কৰে। প্ৰত্যুত্তৰত চিৰাং আৰক্ষীয়ে ১৪.৩ অভাৰত ৫ টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। চিৰাঙৰ হৈ নিলোৎপল শইকীয়াই ২৯ টা বলত ৬০ ৰান কৰে আৰু প্লেয়াৰ অৱ দ্য মেচ বিবেচিত হয়। খেলখন বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, চিৰাং আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাকে ধৰি দুয়োখন জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াসকল উপস্থিত থাকে।