ashomiyapatrika.com

বকোৰ বেকেলী মৌজা ৰাভা জাতীয় পৰিষদ ; ৰাভা জাতীয় মহিলা পৰিষদ আৰু ৰাভা সাহিত্য সভাৰ অধিৱেশন সম্পন্ন

0 49

বকোঃ অনুন্নত আৰু সংখ্যালঘু জনগোষ্ঠীক সুৰক্ষিত আৰু বিকাশৰ বাবে সংৰক্ষণৰ অতি আৱশ্যক সেয়ে ৰাভা হাছং এলেকাক ষষ্ঠ অনুসুচীত অন্তৰ্ভুক্ত কৰিব লাগে। এই বক্তব্য কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাই। উল্লেখ্য যে কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং দক্ষিণ চেখাদাৰীস্থ বেকেলী মৌজা ৰাভা জাতীয় পৰিষদৰ মুখ্য কাৰ্য্যালয় প্ৰাংগনত আয়োজন কৰা হৈছে ৰাভা জাতীয় পৰিষদ ; ৰাভা জাতীয় মহিলা পৰিষদ আৰু ৰাভা সাহিত্য সভাৰ অধিৱেশন। বেকেলী মৌজা ৰাভা জাতীয় পৰিষদৰ ৪৪ সংখ্যক পূৰ্ণাংগ অধিবেশন ; বেকেলী মৌজা ৰাভা জাতীয় মহিলা পৰিষদৰ অষ্টম ত্ৰি – বাৰ্ষিক অধিবেশন আৰু বেকেলী আঞ্চলিক ৰাভা সাহিত্য সভাৰ

প্ৰথম বাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰা হৈছিল। যোৱা ১০ আৰু ১১ ফেব্ৰুৱাৰীত দুই দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছিল তিনিওটা ৰাভা জাতীয় সংগঠন আৰু অনুস্থানৰ অধিবেশন কেইখন। বেকেলী মৌজা ৰাভা জাতীয় পৰিষদৰ সভাপতি বিমল চন্দ্ৰ ৰাভা আৰু সম্পাদক অজিত ৰাভা ; ৰাভা জাতীয় মহিলা পৰিষদৰ মৌজা সমিতিৰ সভানেত্ৰী ৰেণু ৰাভা আৰু সম্পাদিকা সন্ধ্যাৰাণী ৰাভা ; ৰাভা সাহিত্য সভাৰ বেকেলী আঞ্চলিক সমিতিৰ সভাপতি বনোমালী ৰাভা সম্পাদক বসন্ত ৰাভাই জনোৱা মতে ; তিনিওটা ৰাভা জাতীয় সংগঠন তথা অনুস্থানৰ উদ্যোগত অঞ্চলস্থ জাতীয় কৰ্মীৰ সহযোগত গঠন কৰা অভ্যৰ্থনা সমিতিৰ সহযোগত বিস্তৃত

কাৰ্য্যসুচীৰে আয়োজন কৰা হৈছিল অধিবেশন কেইখন। জাতীয় সমাজ ব্যৱস্থাক উত্তোৰণৰ বাবে ল’ব লগা বিধি ব্যৱস্থাৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈ আয়োজন কৰা হৈছে অধিবেশনৰ বৰ্ণিল কাৰ্য্যসুচী। অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজ কৰ্মী অমিয় কুমাৰ ৰাভা ; কাৰ্য্যকৰী সভাপতি বিষ্ণু ৰাম ৰাভা আৰু সম্পাদক নিপুন চন্দ্ৰ ৰাভাই জনোৱা মতে ; কাৰ্য্যসুচী অনুসৰি ১০ ফেব্ৰুৱাৰীত দিনৰ ভাগত প্ৰতিনিধি সভা ; আদৰণি সমিতিৰ সভাপতি অমিয় কুমাৰ ৰাভাৰ আদৰণি ভাষণ ; উদীয়মান কন্ঠশিল্পী কুমাৰ তপন ৰাভাৰ জৰিয়তে সাংস্কৃতিক মঞ্চ উদ্ধোধন। ইফালে ৰাভা জাতীয় সংগঠনকেইটাৰ অধিবেশনৰ দ্বিতীয় দিনাৰ কাৰ্য্যসুচী

অনুসৰি সভাপতি বিমল চন্দ্ৰ ৰাভা ; ৰেণু ৰাভা আৰু বনোমালী ৰাভাই পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰে মুল অধিবেশন। স্মৃতি তৰ্পণ কৰে কালিমোহন ৰাভাই। গছ পুলি ৰোপন কৰে অৰ্জুন ৰাভা ; কিৰণ ৰাভা আৰু মালতী ৰাভাই। অনুস্থানত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰে। ইয়াৰ পিছতে প্ৰাক্তন কৰ্মীৰ সতীৰ্থ সন্মিলন আৰু কামৰূপ জিলা ৰাভা সাহিত্য সভাৰ সাধাৰণ সম্পাদক হৰেশ্বৰ ৰাভা চিনালৰ জৰিয়তে সভাপতি উৎপল ৰাভা আৰু সম্পাদক চন্দন ৰাভাই সম্পাদনা কৰা স্মৃতিগ্ৰন্থ ‘ আপ’ – ৩ আনুস্থানিক ভাৱে উন্মোচন কৰে। ইফালে দিনৰ ভাগত সভাপতি বিমল চন্দ্ৰ ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত হয় মুকলি সভা। কামৰূপ

জিলা ৰাভা জাতীয় পৰিষদৰ সভাপতি ভীষ্মদেৱ ৰাভাই মুকলি সভাৰ উদ্ধোধনী ভাষণ প্ৰদান কৰে। মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাই।টংকেশ্বৰ ৰাভাই বিশ্ব দৰবাৰত ৰাভা জাতিকি প্ৰতিষ্ঠা কৰিবলৈ হ’লে শৈক্ষিক ; সামাজিক আৰু সাংস্কৃতিক ভাবে উন্নত হ’ব লাগিব বুলি ভাষণ প্ৰসংগত কয়। অনুন্নত আৰু সংখ্যালঘু জনগোষ্ঠী সমূহক সুৰক্ষিত আৰু বিকাশৰ বাবে ষষ্ঠ অনুসুচীৰ দৰে আইনৰ জৰিয়তে সংৰক্ষণ কৰা আৱশ্যক বুলি জানিব দিয়ে। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বিকালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড° মলিনা দেৱী ৰাভা ; নিখিল ৰাভা

জাতীয় পৰিষদৰ সভাপতি বাবুল চন্দ্ৰ ৰাভা ; সম্পাদক গোবিন্দ ৰাভা ; কামৰূপ জিলা ৰাভা জাতীয় ধৰ্মীয় বিশ্বাস আৰু সাংস্কৃতিক সংৰক্ষণ সমাজৰ সম্পাদক ড: লক্ষ্যজিৎ ৰাভা ; ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিসদ নগৰমল স্বৰ্গীয়াৰী ; সাধাৰণ পাৰিষদ কল্পৰাম ৰাভাকে ধৰি বহু সংখ্যক বিশিষ্ট অতিথি। মুকলি সভাত ৰাভা জনগোষ্ঠীৰ সামগ্ৰীক বিকাশৰ লক্ষ্যত শৈক্ষিক ; সাংস্কৃতিক, ভাষা আৰু অৰ্থনৈতিক দিশত সুক্ষ্ম বৈজ্ঞানীক দৃষ্টি ভংগীৰে আগবাঢ়িব লাগিব বুলি আলোকপাত কৰে।

Leave A Reply

Your email address will not be published.