ashomiyapatrika.com

বকো শতদল শাখা সাহিত্য সভাৰ ৬৩ সংখ্যক বিশেষ বাৰ্ষিক অধিবেশন সম্পন্ন

0 53

বকোঃ ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বাণীৰে অসম সাহিত্য সভাৰ নীতি নিৰ্দেশনা অনুসাৰে পৰিচালিত কামৰূপ জিলাৰ বকো সাহিত্য সভা (শতদল) শাখাৰ ৬৩ সংখ্যক বিশেষ বাৰ্ষিক অধিবেশন খন আজি সম্পন্ন হয়। বকো সাহিত্য সভা ভৱনত দিনযোৰা কাৰ্য্যক্ৰমণিকাৰে আয়োজন কৰা হয় বাৰ্ষিক অধিবেশন খন। অধিৱেশন উপলক্ষে পুৱা পতাকা উত্তোলন কৰি সভানেত্ৰী বিজয়া ডেকাই কাৰ্য্যসুচী শুভাৰম্ভ কৰে। স্মৃতি তৰ্পণ কৰে বকো সাহিত্য সভাৰ উপ সভাপতি গৌৰাংগ ঠাকুৰীয়াই। অনুস্থানত বাৰ্ষিক প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে সাহিত্য সভাৰ কোষাধ্যক্ষ নৃপেন ভাগৱতীয়ে। ইয়াৰ পিছতে সভানেত্ৰী বিজয়া ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হয়

কাৰ্য্যনিৰ্বাহক সভা আৰু দিনৰ ভাগত সাধাৰণ সভা খন। বকো সাহিত্য সভাৰ সাধাৰণ সম্পাদক জনাৰ্দ্দন বড়োই আত আৰু উদ্দেশ্য বাখ্যা কৰা সভাত বকো সাহিত্য সভাৰ বাৰ্ষিক প্ৰতিবেদন, কাৰ্য্যবিৱৰণী পাঠ, হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ ও গৃহীত কৰা হয়। সাধাৰণ সভাত বকো সাহিত্য সভাৰ উত্তোৰণৰ বাবে কৰিব লগিয়া কাৰ্য্যসুচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সাধাৰণ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস, আজীৱন সভ্য মৃগেন শৰ্মাকে ধৰি কেৱাজনো সাহিত্য সভাৰ কৰ্মী। ইফালে অনুস্থানত নিৰ্দিষ্ট বক্তাৰ ভাষণত ড° গণেশ্বৰ চহৰীয়াই অসম সাহিত্য সভাৰ মঞ্চত বকো সাহিত্য সভাৰ পৰাও প্ৰতিনিধিত্ব কৰি

কাৰ্য্যনিৰ্বাহক হোৱাৰ সুযোগ লৱ লাগে বুলি পৰামৰ্শ আগবঢ়ায়। উল্লেখ্য যে বকো সাহিত্য সভাই প্ৰতিবছৰে আয়োজন কৰাৰ দৰে এই বেলিও অহা মাৰ্চ মাহত গ্ৰন্থমেলা আয়োজন কৰাৰ ওপৰত আলোচনা কৰে। সভাত বকো সাহিত্য সভাৰ বহু সংখ্যক বিষয় ববীয়াই অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.