ashomiyapatrika.com

হৰিনাম ধ্বনিৰে আৰম্ভ শ্রীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশন

0 39

৩২০ কিলোমিটাৰ যাত্ৰা খোজকাঢ়ি লালুকৰ বৈষ্ণৱ উমাকান্ত সন্দিকৈ অধিবেশনস্থলীত উপস্থিত

ৰঙিয়াঃ ভক্তিৰসৰে আজিৰে উপছি পৰিছে ঐতিহ্যমণ্ডিত ৰঙিয়াৰ সমীপৱৰ্তী মৰাণজানাৰ হাতীখলা পথাৰত৷ চৌদিশে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে আকাশ-বতাহ৷  তিনিদিনীয়াকৈ আৰম্ভ হৈছে শ্রীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশন। ভয়ৰাৰ সমীপৰ হাতীখলা পথাৰত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে৷ চৌদিশে গুঞ্জৰিত হৈছে হৰিনামৰ ধ্বনি। অধিবেশনৰ এদিন পূৰ্বে সেৱাবাহিনীৰ দহ হাজাৰ সেৱক-সেৱিকা উপস্থিত হোৱাৰ পিছতে আজিৰ পৰা অধিবেশনস্থলীলৈ আগমন ঘটিছে ধৰিছে হাজাৰ হাজাৰ ভকতসকলৰ। একাংশ সেৱাবাহিনীৰ লোকে অধিবেশনৰ মূলদ্বাৰত প্ৰসংগ কৰি থকাৰ বিপৰীতে আৰক্ষী-

সেনাবাহিনীৰ লোকে যান-বাহন নিয়ন্ত্ৰণৰ দিশসমুহত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয় ।উল্লেখযোগ্য যে অধিবেশনৰ তিনি দিনত ২০ লক্ষাধিক ভকত বৈষ্ণবৰ সমাগম হ’ব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাই । সংঘৰ ঘোষিত কাৰ্যসূচী অনুসৰি আজি পুৱাই পৰিৱেশ নিকাকৰণ, নাম- প্ৰসংগৰ পিছত গছপুলি ৰোপণ কৰে প্রাক্তন ৰাষ্ট্রদূত উপেন বড়ো, সংঘৰ ৰঙিয়া জিলা শাখাৰ প্ৰাক্তন সহকাৰী সম্পাদক ৰমেশ ৰাজবংশী আৰু স্থানীয় যুৱ সমাজকর্মী বুবুল আহমেদে।এই  অধিৱেশনস্থলীলৈ ইতিমধ্যে ৰাওনা হৈছে ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ পৰাও হাজাৰ-হাজাৰ ভক্ত ৷ উল্লেখ্য বৃহৎ ধৰ্মীয় অনুষ্ঠানটোৰ অধিৱেশনলৈ বুলি ৩২০ কিলোমিটাৰ যাত্ৰা খোজকাঢ়ি ইতিমধ্যে ৰঙিয়াত উপস্থিত হ’ল লখিমপুৰৰ বাসিন্দা, সংঘৰ এগৰাকী একনিষ্ঠ

সেৱক৷ ৯ দিনৰ যাত্ৰা শেষ কৰি কালি সন্ধিয়া ৰঙিয়াৰ মৰাণজানাৰ হাতীখলাৰ শ্ৰীমন্ত শংৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনস্থলীত উপস্থিত হয় লালুকৰ উমাকান্ত সন্দিকৈ নামৰ বৈষ্ণৱ গৰাকী৷ ৰঙিয়াত উপস্থিতৃ হোৱাৰ লগে লগে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৈষ্ণৱগৰাকীক উষ্ম আদৰণি জনায় জাতি-বৰ্ণ নিৰ্বিশেষে ৰঙিয়াৰ বহু লোকে৷ ৰঙিয়াৰ ৰাজপথত বৈষ্ণৱগৰাকীক বিভিন্নজনে গামোচাৰে আঁদৰণি জনোৱাৰ লগতে আপ্যায়ন কৰে চাহ-পিঠাৰে। তদুপৰি বৈষ্ণৱগৰাকীৰ লগত ফটোত উঠিও উৎসাহ যোগায় পথচাৰীসকলে। ৯৩ সংখ্যক শংকৰ সংঘৰ ৰঙিয়া অধিৱশনত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতিৰে অধিৱশখনি

সফল কৰি তুলিবলৈ আহ্বান জনায় বৈষ্ণৱ উমাকান্ত সন্দিকৈ। আনহাতে আজিৰ কাৰ্যসূচীৰ অংশ হিচাপে কামৰূপৰ ভাৰপ্ৰাপ্ত জিলা আযুক্ত নৰসিং ৰেৱে মূল তোৰণ উন্মোচন কৰে, নামঘৰ মুকলি কৰে ৰঙিয়া জিলা শাখাৰ শৰণ সদস্য চবিন মহন্তই৷ কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূর্ব ঠাকুৰীয়াই প্রতিনিধি সভাকক্ষৰ তোৰণ উন্মোচন কৰে৷ আদৰণী সমিতি আৰু মূল সমিতিৰ কাৰ্যালয়ৰ তোৰণ মুকলি কৰে ৰঙিয়াৰ মৰাণজানাস্থিত এছএছবিৰ ডি আই জি জগবীৰ সিঙে।উপ-সমিতিৰ কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰে পৰিবহণ বিষয়া ক্ষীৰোদ দাসে৷ গ্রন্থমেলা আৰু প্রদর্শনীৰ দ্বাৰ মুকলি কৰে ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰে। বিশেষ

প্রতিনিধি শিবিৰৰ তোৰণ উন্মোচন কৰে ৰঙিয়াৰ মহকুমাধিপতি দীপন বর্মনে, ৰভা মঞ্চৰ তোৰণ উন্মোচন কৰে জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্র ৰায়ে৷ দিনৰ ভাগত মূল মঞ্চ আৰু মণ্ডপ মুকলি কৰে ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ব্রজেন্দ্র শইকীয়াই, প্রতিনিধি শিবিৰৰ তোৰণ উন্মোচন কৰিব বিটিচিৰ প্রাক্তন ইএম গণেশ কছাৰীয়ে। সংঘৰ পদাধিকাৰ ভবেন্দ্র নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া গ্রন্থ উন্মোচনী সভাত স্মৃতিগ্রন্থ ‘ভকতি সিন্ধু’ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° কুলধৰ শইকীয়াই৷

Leave A Reply

Your email address will not be published.