ashomiyapatrika.com

কোচ ৰাজবংশী সকলৰ বিকাশৰ লক্ষ্যৰে ৰাজনৈতিক কুচ – কাৱাজ আৰম্ভঃ গুৱাহাটী প্ৰেছ ক্লাৱত সন্মিলনীৰ সংবাদ মেল

0 77

বকোঃ ৰাজ্যৰ ইতিহাস প্ৰসিদ্ধ জনগোষ্ঠী কোচ ৰাজবংশী সকলোক অনুসূচিত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা দীৰ্ঘদিনীয়া দাবীটো পুৰণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় আজি সংবাদ মেল আয়োজন কৰে। সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা হয় এক সংবাদ মেলৰ। কোচ ৰাজবংশী সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰণাদিত্য কুমাৰ বৰ্মনে সম্বোধন কৰা সংবাদ মেলত কোচ ৰাজবংশী জনগোষ্ঠীৰ ভৱিষ্যত প্ৰজন্মৰ সু নিশ্চিত সুৰক্ষা আৰু জনগোষ্ঠীটোৰ সামগ্ৰীক বিকাশৰ স্বাৰ্থত ৰাজনৈতিক মঞ্চ তথা ৰাজনৈতিক সুৰক্ষাৰ অতি জৰুৰী বুলি বক্তব্য দাঙি ধৰে। কোচ

ৰাজবংশী সন্মিলনীৰ উপ সভাপতি খগেন্দ্ৰজীৎ ঠাকুৰীয়াই সহযোগ আগবঢ়োৱা সংবাদ মেলত সম্পাদক ৰণাদিত্য কুমাৰ বৰ্মনে ৰাজ্যৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধানৰ বাবে কোনো ফলপ্ৰসু পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই।কোচ ৰাজবংশী সকলোক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিম কৰিম বুলি প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছে। যি নিৰ্বাচন নাহক কিয় প্ৰতিটো ৰাজনৈতিক দলে প্ৰতিশ্ৰুতিৰ ধল বোৱাই দিয়ে। এই ক্ষেত্ৰত বি জে পি দ’ল অথবা চৰকাৰ এখোপ চ’ৰা। বি জে পিৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মতে কেন্দ্ৰ আৰু ৰাজ্যত ডৱল ইঞ্জিন যুক্ত চৰকাৰ হ’লে ছয় মাহৰ ভিতৰত কোচ ৰাজবংশী সকলোক জনজাতিৰ

মৰ্য্যদা প্ৰদান কৰা হ’ব। ইফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে কোচ ৰাজবংশী সকলোৰ জনজাতিৰ সমস্যা নব্বৈ শতাংশ সমাধান হৈছে। ইয়াৰ লগতে বি জে পিৰ সৰ্বভাৰতীয় সভাপতি জগত প্ৰসাদ নাড্ডাৰ মতে কোচ ৰাজবংশী সকলোক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা হ’ল। আনহাতে অসমত ‘কা’ বিৰোধী আন্দোলন তীব্ৰ ৰূপ ধাৰণ কৰাত কেন্দ্ৰীয় চৰকাৰে লোক সভাৰ অধ্যক্ষৰ জৰিয়তে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিৰ বিল উত্থাপন কৰি দাবী পুৰণ কৰিব বুলি ঘোষণা কৰিছিল। বি জে পি দলৰ দুয়ো চৰকাৰে কেৱল আভূৱা ভাৰি আহিছে। সেয়েহে অনাগত দিনত জনগোষ্ঠীটোৰ সমস্যা সমাধানৰ বাবে ৰাজনৈতিক ক্ষমতা প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা

হৈছে। ইফালে সমাগম লোক সভাৰ নিৰ্বাচনত কোচ ৰাজবংশী সকলোৰ শক্তি প্ৰদৰ্শন কৰিবলৈ দুটাকৈ লোক সভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ চৰকাৰক আহ্বান জনায় সংবাদ মেলৰ জৰিয়তে। গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা সংবাদ মেলত সংগঠনটোৰ নেতৃবৃন্দই জনগোষ্ঠীটোৰ আধিপাত্য থকা সমষ্টি দৰং – ওডালগুৰি আৰু বৰপেটা সমষ্টিত লোক সভালৈ কোচ ৰাজবংশীৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে আজিৰ সংবাদ মেলৰ জৰিয়তে সমষ্টি দুটাত জনগোষ্ঠীটোৰ জনজাতি কৰণৰ সংগ্ৰামত জড়িত তথা জাতিৰ প্ৰতি দায়বদ্ধ ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ কোচ ৰাজবংশী সন্মিলনীৰ ফালৰ পৰা আবেদন জনায়।

সংবাদ মেলত কোচ ৰাজবংশী নেতৃবৃন্দই প্ৰকাশ কৰে যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ বহু সংখ্যক নেতাক মন্ত্ৰী – বিধায়ক তথা সাংসদ হ’বলৈ সুবিধা প্ৰদান কৰিছিল। অসম গণ পৰিষদৰ চৰকাৰ থকা সময়তো মৰ্য্যদা সহ সন্মান কৰিছিল কিন্তু বি জে পি দলে সেই ন্যায্যতা দিয়া নাই। আনহাতে বি জে পি দলে চল চাতুৰিৰে ২০১৯ চনৰ লোকসভা আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰৰ পৰা ছয় জনগোষ্ঠীৰ জনজাতিৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰ দফা বাতিল কৰিছে। এয়ো এক দূৰ্ভাগ্যজনক ঘটনা। এনে বহু সংখ্যক অভিযোগ উত্থাপন কৰি আজি সংবাদ মেল সম্বোধন কৰে সংগঠনটোৱে। অসমৰ থলগিৰি জনগোষ্ঠী

কোচ ৰাজবংশী সকলোৰ জনজাতি কৰণৰ সমস্যাটো সমাধান কৰিবলৈ চৰকাৰক দাবী জনোৱা সংবাদ মেলত সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ডেকা, সন্মিলনীৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সহকাৰী সম্পাদক বিষ্ণু ৰাম দাস, সাংগঠনিক সম্পাদক সুভাষ দাসকে ধৰি কেৱাজনো বিষয় ববীয়াই অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.