ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ পূজিৰে কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে উদ্ধোধন কৰিলে দুটাকৈ মহিলাৰ সমুহীয়া ভৱন
বকোঃ ৰাজ্য চৰকাৰৰ দ্বাৰা অনুমোদিত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে আজিৰ দিনটোত উদ্ধোধন কৰিলে দুটাকৈ মহিলা সমিতিৰ সমুহীয়া ভৱন। পৰিষদ খনৰ ২৩ নং পৰিষদীয় সমষ্টিৰ পাৰিষদ গৰাকীয়ে আজি বকোৰ মূগাখোলত আৰু বৰবৰী পাৰাত ২০২২-২৩ ইং বিত্তীয় বৰ্ষৰ পৰিষদৰ উন্নয়ণ পূজীৰে নিৰ্মান কৰা আঁচনি দুটা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। আচঁনি দুটা উদ্ধোধন কৰি সেই স্থানৰ ৰাইজৰ অন্যান্য সমস্যা সমুহ অতি সোনকালে সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইফালে ৰাভা হাছং স্বায়ত্ব
শাসিত পৰিষদৰ দ্বাৰা জনসাধাৰণৰ বহু আঁচনি ৰূপায়ণৰ নিদৰ্শন দাঙি ধৰিলে পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে। আজি বৰবৰী পাৰাত মুঠ আঠ লাখ টকা আৰু মুগাখোলত মুঠ সাত লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মহিলাৰ সমুহীয়া ভৱন দুটাৰ শুভ উদ্ধোধনী অনুষ্ঠানত সমষ্টিৰ মণিটৰিং সমিতিৰ সম্পাদিকা মিনতী বড়োৰ লগতে বহু বিষয় ববীয়াৰ উপৰিও অঞ্চলস্থ ৰাইজে সহযোগ আগবঢ়াই।