ashomiyapatrika.com

কমল মেধি, কুলদীপ বৰুৱাসহ শতাধিক নেতা-কর্মীৰ বিজেপিত যোগদান

0 33

গুৱাহাটীঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উন্নয়নমূলক কাম কাজ আৰু ভাৰতীয় জনতা পার্টিৰ নীতি-আদৰ্শৰ প্রতি আকৃষ্ট হৈ আজি বিভিন্ন বিৰোধী ৰাজনৈতিক দল আৰু সামাজিক সংগঠনৰ প্ৰায় শতাধিক নেতা-কর্মীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে। দলৰ বশিষ্ঠস্থিত মুখ্য কার্যালয়ত ৰাজ্যিক সভাপতি ভবেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, অসম চৰকাৰৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত কংগ্ৰেছ নেতা তথা ছিপাঝাৰ সমষ্টিৰ ২০২১ ৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী কুলদীপ বৰুৱা, আম আদমিৰ পাৰ্টিৰ প্রাক্তন উপ সভাপতি কমল কুমাৰ মেধি, অসম তৃণমূল কংগ্রেছৰ

সুবীৰ কৰ্মকাৰ, মানসজ্যোতি মহন্ত, আপৰ ৰাজ্যিক কার্যনির্বাহক বিনয় ডেকা, কৃষক মুক্তি সংগ্রাম সমিতিৰ দিলীপ ডেকা, ঠেঙাল-কাছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন সাংগঠনিক সম্পাদক বটু কৃষ্ণ বৰা সমন্বিতে তৃণমূল কংগ্রেছ, আপ, কৃষক মুক্তি সংগ্রাম সমিতি, অখিল ভাৰত হিন্দু পৰিষদৰ শতাধিক কর্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে। আজিৰ যোগদান কার্যসূচীত বিধায়কত্রয় প্রশান্ত ফুকন, মানব ডেকা, বিশ্বজিত ফুকন, ৰাজ্যিক সাধাৰণ সম্পাদক দিল্লুৰঞ্জন শর্মা, দলৰ জ্যেষ্ঠ নেতা ড° প্রদীপ ঠাকুৰীয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.