বকোৰ ঐতিহ্য মণ্ডিত যমুনেশ্বৰ শিৱালয় আধুনিক ৰূপত নৱ নিৰ্মাণৰ নিৰ্মাণ সমিতি গঠন
বকোঃ প্ৰভূ শিৱৰ লগতে দূৰ্গতি নাশ কৰা দেৱ দেৱীৰ আৰাধনা কৰা দেৱালয় কামৰূপ জিলাৰ বকোৰ যমুনেশ্বৰ শিৱালয় মন্দিৰটো আধুনিক ৰূপত নিৰ্মাণ কৰাৰ প্ৰস্তূতি চলিছে। উল্লেখ্য যে সম্প্ৰতি ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেন যুক্ত কৰাৰ কাম পূৰ্ণগতিত চলি আছে বাবে পূৰ্বৰ শিৱ মন্দিৰটো পথ বহল কৰণত ভাঙি পেলোৱা হ’ব সেয়ে মন্দিৰটো স্থানান্তৰ কৰিব লগা হৈছে। এই উপলক্ষে মন্দিৰটো সম্পূৰ্ণ আধুনিক ৰূপত নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই লক্ষ্যৰে কেৱা লানি আলাপ আলোচনা কৰাৰ পিছত আজি এক ৰাজহুৱা সভাৰ জৰিয়তে গঠন কৰা হয় শিৱ দেৱালয় নিৰ্মাণ কমিটি খন। সেই উপলক্ষে আজি মন্দিৰ প্ৰাংগনত আয়োজন কৰে
এক ৰাজহুৱা সভা। মন্দিৰ সমিতিৰ বিষয় ববীয়া ধনেশ্বৰ ৰাভাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমা কান্ত ৰাভা, পৰিষদৰ কাৰ্য্যৱাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰী, সুমিত ৰাভা, সোনাৰাম ৰাভা, আদিত্য ৰাভা, সাধাৰণ পাৰিষদ অৰ্জুন চেত্ৰী, বকোৰ বিশিষ্ট ধৰ্মপ্ৰাণ তৰণী কান্ত বৈশ্য, বিশিষ্ট ব্যৱসায়ী মঃ ছইফুদ্দিন আহমেদ, ধৰি বহু সংখ্যক বিশিষ্ট অতিথিয়ে সহযোগ কৰে। আজিৰ সভাতেই সৰ্বসন্মতিক্ৰমে নগৰমল স্বৰ্গীয়াৰীক সভাপতি আৰু ধনেশ্বৰ ৰাভাক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা হয় যমুনেশ্বৰ শিৱালয় মন্দিৰ নৱ নিৰ্মাণ সমিতি খন। ইফালে যমুনেশ্বৰ শিৱালয় মন্দিৰ পৰিচালনা সমিতিৰ
সভাপতি কামেশ্বৰ ৰাভা, উপ সভাপতি বুদ্ধেশ্বৰ ৰাভা আৰু সহকাৰী সম্পাদক নৃপেন ৰাভাই জনোৱা মতে প্ৰায় চাৰি কৌটি টকা ব্যয় সাপেক্ষে আধুনিক মন্দিৰ নিৰ্মাণৰ প্ৰাকঃকলন প্ৰস্তূত কৰা হৈছে আৰু অতি শীঘ্ৰে নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হ’ব।