পবিত্ৰ শিক্ষাক কুলষিত, ছাত্ৰীৰ লগত লিলিমাই শিক্ষকৰঃ শাস্তিৰ দাবী ৰাভা ছাত্ৰ সন্থাৰ
বকোৰ বামুণীগাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ হিন্দী শিক্ষক প্ৰফুল্ল কুমাৰ দাসৰ অপকৰ্ম ফাদিল
বকোঃ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিক কুলষিত কৰিছে এগৰাকী হিন্দী শিক্ষকে। কিন্তু পকছো আইনেও ঢুকি পোৱা নাই ছয়গাঁও থানাৰ অন্তৰ্গত বামুণীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক প্ৰফুল্ল কুমাৰ দাসক। শিক্ষা বৃত্তিত কালিমা সানিছে বামুণীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰফুল্ল কুমাৰ দাসে। উল্লেখ্য যে প্ৰেমে নাজানে বয়সৰ সীমা, প্ৰেমে মাথো জানে হৃদয়ৰ ঠিকনা। এইবাৰ আদ বয়সীয়া হিন্দী চাৰে ১৫ বছৰ বয়সীয়া ছাত্ৰীৰ সৈতে হিয়া দিয়া নিয়া খেলত ব্যস্ত হৈ পৰিছে। উল্লেখ্য যে বৰ্তমানে ম’বাইলে ম’বাইলে ভাইৰেল হৈ পৰিছে হিন্দী চাৰৰ প্ৰেমৰ বাৰ্তা। ইফালে হিন্দী চাৰৰ ফাগুনী হৃদয়ত ৰহণ সানিবলৈ ছাত্ৰী গৰাকী যাব লাগে থিয়েটাৰ নাইবা
নিজৰাৰ পাৰত। কিমান নিৰ্লজ্য হ’লে এজন শিক্ষাগুৰুৱে কৰিব পাৰে এনেকুৱা কাম। বামুণীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ হিন্দী বিষয়ৰ শিক্ষক প্ৰফুল্ল কুমাৰ দাসে বৰ বেয়াকৈ কালিমা সানিলে গুৰু শিস্যৰ সম্পৰ্কত৷ এইবোৰ সকলো গম পায়ো একো ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰঞ্জু দাস শালৈয়ে আৰু এই ক্ষেত্ৰত পৰিচালনা সমিতিয়েও নিমাত। এই বিষয়টো ভাইৰেল হৈ পৰাত স্থানীয় দ’ল সংগঠন সৰৱ হৈ পৰে।আজি বামুণী গাওঁ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কৰ্মীয়ে লম্পদ শিক্ষক গৰাকীক শাস্তিৰ দাবী কৰি হুলুস্থলীয়া পৰিবেশ সৃষ্টি কৰে। এনেবোৰ শিক্ষকক চৰকাৰে কি ব্যৱস্থা লয় সেয়াহে লক্ষণীয় হ’ব। নে এনেকৈয়ে চলি
থাকিব চাৰৰ প্ৰেমৰ পাঠ ? ঘটনা সম্পৰ্কে আজি বামুণী গাওঁ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অসংখ্য মহিলাৰ সহযোগত বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীক ঘেৰাও কৰি বিদ্যালয় খনত সংঘটিত হৈ থকা অপকৰ্মৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰে ৰাভা ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকল আৰু লম্পদ শিক্ষক গৰাকীক উচিত শাস্তিৰ দাবী তোলে।