ashomiyapatrika.com

চৰকাৰৰ শূণ্য সহনশীলতা নীতি ধোঁৱাচাঙত বকোৰ স্থানীয় প্ৰশাসনৰঃ বাংলা ইটাভাটা মালিকক মুকলি সমৰ্থন, শিশু – শ্ৰমিক আইনকো উলংঘা বণিক গোষ্ঠীৰ

0 46

বকোঃ কামৰূপ জিলা প্ৰশাসনৰ বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত স্থানীয় প্ৰশাসনৰ জ্ঞাতসাৰেই পূৰ্ণদ্যমে চলিছে অবৈধ বাংলা ইটাভাটা। প্ৰত্যক্ষ কৰা মতে তাৰাবাৰী, টুলুপাৰা, ১ নং বৰুৱা পথাৰ, ঘিলাবাৰী, বালিঝাৰ, হাৰিভাংগা, পদ্মপুৰকে ধৰি বহু অঞ্চলত একাংশ অসাধু লোকে অবাধ গতিত অবৈধ ভাবে চলাই গৈছে বাংলা ইটা ভাটাৰ ব্যৱসায়। এই ইটা ভাটা স্থাপন কৰাৰ বাবে দাঁতি-কাষৰীয়া লোক তথা পৰিয়ালৰ সাংঘাটিক সমস্যা সৃষ্টি হৈছে বুলি অভিযোগ কৰিছে স্থানীয় লোকে। এই লৈ ভূক্তভোগী পৰিয়ালৰ তৰফৰ পৰা বাৰাম্বাৰ অভিযোগ দিয়া হৈছে কিন্তু সংশ্লিষ্ট বিভাগৰ নিৰৱ ভূমিকাত সচেতন মহল চিন্তিত হৈ পৰিছে। ইফালে

বহু স্থানত বিদ্যালয়, পৰিয়ালৰ গৃহ থকাৰ পিছতো সমীপতে অবৈধভাৱে ইটা ভাটা গঢ়ি তুলিছে যদিও অভিযোগৰ পিছতো কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। উল্লেখ্য যে ঘিলাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ কাষতেই গঢ়ি উঠিছে বহু কেইটা বাংলা ইটা ভাটা। আনহাতে অবৈধ বাংলা ইটা ভাটাৰ দূষিত ধোৱা আৰু দূৰ্ঘন্ধই পৰিবেশ বিনষ্ট কৰিছে। ইয়াৰোপৰি অধিক সংখ্যক ইটাভাটাত শ্ৰমিক হিচাপে নিয়োজিত হৈছে শিশু। এই ক্ষেত্ৰত চৰকাৰৰ শিশু শ্ৰমিক আইনকো উলঙ্ঘা কৰিছে বণিক গোষ্ঠিয়ে।তৎস্বত্তেও কাণষাৰ নাই প্ৰশাসনৰ।ভূক্তভোগীয়ে অভিযোগ কৰাৰ পিছতো প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব। এই ক্ষেত্ৰত সততে জনতাৰ

সমস্যাৰ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ প্ৰশাসনিক সেৱাৰ বিষয়াই ভংগ কৰিছে, চৰকাৰৰ শূণ্য সহনশীলতা নীতি। চৰকাৰৰ সততাৰ নীতিক ধোঁৱাচাঙত তুলিছে বকোৰ স্থানীয় প্ৰশাসনে। বাংলা ইটাভাটাৰ বিৰুদ্ধে সংবাদ মাধ্যমত সাবিস্তাৰে অভিযোগৰ বাতৰি প্ৰকাশ হোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰশাসনে। আনহাতে অবৈধ ইটাভাটাৰ পৃষ্ঠপোষক সকলোৰ লগত হলিগলি কৰিছে নেকি প্ৰশাসন যন্ত্ৰই এয়া প্ৰশ্ন হৈ পৰিছে সচেতন নাগৰিকৰ মনত।

Leave A Reply

Your email address will not be published.