ashomiyapatrika.com

বকোৰ ত্ৰিলোচন ৩৬২ নং প্ৰাথমিক বিদ্যালয়ত চুৰি কাণ্ডঃ ছমৰীয়া আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল

0 58

বকোঃ ৰাজ্যৰ চুকে কোনে এচাম দূস্কৃতিকাৰীয়ে সংঘটিত কৰি আহিছে অসামাজিক কু – কাৰ্য্য। এই বাৰ ধূৰন্ধৰ চোৰে চুৰি কাৰ্য্য সংঘটিত কৰিছে বিদ্যা মন্দিৰত। প্ৰাপ্ত খৱৰ অনুসৰি বকো আৰক্ষী থানাৰ অন্তৰ্গত ছমৰীয়া আৰক্ষী পহৰা চকীৰ অধিনৰ ৩৬২ নং ত্ৰিলোচন প্ৰাথমিক বিদ্যালয়ত যোৱা কালি সংঘটিত হৈছে চুৰি কাণ্ড। খৱৰ পোৱা তথ্য মতে প্ৰাথমিক বিদ্যালয়ৰ গৃহৰ দৰ্জা ভাঙি পানীৰ মটৰ আৰু বিদ্যালয়ৰ দমকলটো চোৰ কৰে। নিশা হোৱা চুৰি কাণ্ডৰ খৱৰ পুৱা পোৱাৰ পিছত বিদ্যালয়ত হুৱাদুৱা লাগে। ইফালে বিদ্যালয় খনৰ প্ৰধান শিক্ষক পৰেশ কলিতা আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দ্বীজেন কলিতাই বিদ্যালয়ৰ মটৰ আৰু দমকল চুৰিৰ দৰে দূস্কাৰ্য্য হোৱা সন্দৰ্ভত ছমৰীয়া আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰিছে। সম্প্ৰতি বিদ্যালয়ৰ চৌহদত ছাত্ৰ ছাত্ৰীৰ বাবে পানীৰ আৱশ্যক হৈছে।

Leave A Reply

Your email address will not be published.