বকো শতদল শাখা সাহিত্য সভাৰ বিশেষ কাৰ্য্যকৰী সভা সম্পন্ন
বকোঃ অসম সাহিত্য সভাৰ নীতি নিৰ্দেশনা অনুসাৰে পৰিচালিত কামৰূপ জিলাৰ বকো সাহিত্য সভা (শতদল) শাখাৰ বিশেষ কাৰ্য্যনিৰ্বাহক সভা এখন আজি সম্পন্ন হয়। বকো সাহিত্য সভা ভৱনত দিনৰ ৩ বজাত সভানেত্ৰী বিজয়া ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হয় সভা খন। বকো সাহিত্য সভাৰ সাধাৰণ সম্পাদক জনাৰ্দ্দন বড়োই আত আৰু উদ্দেশ্য বাখ্যা কৰা সভাত বকো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ দিন বাৰ ঠিৰাং কৰা হয়। লগতে মৰিগাঁওৰ বাৰপুজিয়াত অনুষ্ঠিত কৰা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনত প্ৰতিনিধি হিচাপে যোগদান
কৰিবলৈ বকো সাহিত্য সভাৰ পৰা দুগৰাকী প্ৰতিনিধি নিৰ্বাচন কৰি প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইফালে সভাত সৰ্বসন্মতিক্ৰমে অহা ১০ ফেব্ৰুৱাৰীত বকো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ বাবে যাৱতীয় কাম-কাজৰ বাবে সম্পাদক আৰু সহকাৰী সম্পাদকক প্ৰস্তূতি কৰিবলৈ সভাই নিৰ্দেশ দিয়ে। লগতে গ্ৰন্থমেলা আয়োজন কৰাৰ ওপৰত আলোচনা কৰা হয়।