চন্দ্ৰপুৰৰ হাজোংবড়ীস্থিত বিদ্যা ভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত মহাৰাজ পৃথু ছাত্ৰাবাসৰ লোকাৰ্পণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
নালন্দা বিশ্ববিদ্যালয়ৰ ধ্বংসকাৰী বখতিয়াৰ খিলজীক পৰাস্ত কৰা কামৰূপৰ মহাৰাজ পৃথু অসমীয়া জাতিৰ সাহস, বীৰত্ব আৰু প্ৰেৰণাৰ উৎস
গুৱাহাটীঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চন্দ্ৰপুৰৰ হাজোংবড়ীস্থিত বিদ্যা ভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত মহাৰাজ পৃথু ছাত্ৰাবাসৰ লোকাৰ্পণ কৰে। মুখ্যমন্ত্ৰী হৈ থাকোঁতে শৈক্ষিক প্ৰকল্পটোৰ নিৰ্মাণত সহায় হোৱাকৈ আনটাইড পুঁজি যোগান ধৰা সৰ্বানন্দ সোণোৱালে সাংসদ পুঁজিৰ পৰাও প্ৰকল্পটোৰ চৌহদৰ বেৰ নিৰ্মাণৰ ক্ষেত্ৰত আৰ্থিক অনুদান আগবঢ়াইছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, ‘তেৰ শতিকাৰ আৰম্ভণিতে কামৰূপৰ মহাধিপতি মহাৰাজ পৃথুৰ সবল নেতৃত্ব, বীৰত্ব আৰু দূৰদৰ্শী ৰণকৌশলৰ ফলত নালন্দা বিশ্ববিদ্যালয়ৰ ধ্বংসকাৰী আগ্ৰাসী বখতিয়াৰ খিলজীক কামৰূপী সেনাই হেলাৰঙে
পৰাভূত কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্বাভিমান আৰু গৌৰৱ অটুট ৰাখিছিল। মহাৰাজ পৃথু অসমীয়া জাতিৰ সাহস, বীৰত্ব আৰু প্ৰেৰণাৰ উৎস। অসমৰ এইগৰাকী মহান বীৰ ৰজা পৃথুৰ সোঁৱৰণত বিদ্যা ভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত মহাৰাজ পৃথু ছাত্ৰাবাসৰ লোকাৰ্পণ কৰি আপ্লুত হৈছোঁ। বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ অধীনস্থ এই প্ৰকল্পই গুণগত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলক যথেষ্ট সহায় কৰিব আৰু জ্ঞান অন্বেষণৰ যাত্ৰা ত্বৰান্বিত কৰিব বুলি আমি দৃঢ় বিশ্বাসী।’ সোণোৱালে লগতে কয়, ‘গুণগত শিক্ষাৰ যোগেদি বিদ্যা ভাৰতীৰ অন্তৰ্গত বিদ্যালয়সমূহে মানৱ সম্পদ গঢ়াৰ দিশত জন্মলগ্নৰ পৰাই
আগভাগ লৈ অহাৰ উপৰি শিক্ষাৰ্থীসকলৰ মনত সৰুৰে পৰাই ভাৰতীয় মূল্যবোধ জগাই আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটিছ যুগৰ পৰা চলি অহা পশ্চিমীয়া আৰ্হিৰ শিক্ষা পদ্ধতিৰ সলনি ভাৰতীয় মূল্যবোধসম্পন্ন গুণগত শিক্ষাৰ প্ৰসাৰত বিশেষ গুৰুত্ব দিছে। স্মাৰ্ট শিক্ষক – স্মাৰ্ট শিক্ষাৰ্থীৰ মণিকাঞ্চনে এখন স্মাৰ্ট সমাজ গঢ়াত সহায় কৰে। এই লক্ষ্যৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে দেশৰ শিক্ষা খণ্ডত এক নতুন জাগৰণৰ সূচনা কৰা হৈছে। এনে এক সোণালী সময়ত মই ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনাইছোঁ যাতে তেওঁলোকে ভাৰতবৰ্ষৰ মহানতা, বিশালতা আৰু উদাৰতাৰ দৰ্শনক সাৰোগত কৰি বিশ্ব জয় কৰাৰ দিশে অগ্ৰসৰ হয় আৰু
প্ৰতিযোগিতাৰ এই পৃথিৱীত নিজকে একোগৰাকী সুনাগৰিক হিচাপে উজলাই তোলে। আমি শিক্ষাৰ জৰিয়তে মন-মন্দিৰ গঢ়ি তুলিব লাগিব। বৈচিত্ৰ্যপূৰ্ণ ডেম’গ্ৰাফী আৰু ডেম’ক্ৰেচী – আমাৰ দেশৰ দুই মহাশক্তি। ২০৪৭ চনৰ অমৃতকালৰ ভিতৰত ভাৰতক বিশ্বৰ বুকুত এখন আগশাৰীৰ আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দিশত যুৱশক্তিয়ে অগ্ৰণী ভূমিকা ল’ব লাগিব। ইয়াৰ বাবে দৃঢ় সংকল্প লৈ কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু অধ্যৱসায়ৰ মাজেৰে নিজকে মানৱ সম্পদ হিচাপে গঢ় দিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনালোঁ। লগতে এই দিশত তেওঁলোকক পথ প্ৰদৰ্শন কৰিবলৈ পিতৃ-মাতৃ,
অভিভাৱক আৰু শিক্ষাগুৰুসকলক বিশেষ আহ্বান জনালোঁ।’ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে ড° দিব্যজ্যোতি মহন্ত, কে এন ৰঘুনন্দন, প্ৰদীপ কুমাৰ যোশী, ড° পৱন তিৱাৰী, চাঞ্চীৰাম পায়েং প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।