চিৰাঙত কিশোৰী বলাৎকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড
কাজলগাঁওঃ চিৰাং জিলা সত্ৰ ন্যায়াধীশৰ আদালতে আজি দুই যুৱকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। তিনি বছৰ পূৰ্বে এগৰাকী কিশোৰীক বলাৎকাৰ কৰাৰ অপৰাধত এই কঠোৰ শাস্তি বিহা হয়। উক্ত জঘন্য ঘটনা সংঘটিত হোৱাৰ পিছত কাজলগাঁও থানাত ২৬৪/২০২০নম্বৰত গোচৰ পঞ্জীয়ন হৈছিল আৰু প’কছো আইনৰ ৪(২)/১৭ ধাৰাৰ অধীনত হজৰত আলী শ্বেখ আৰু একেটা গোচৰৰে প’কছো আইনৰ ৪(২) ধাৰাৰ অধীনত ছানিদুল ইচলামকে ধৰি দুয়োকে কুৰি বছৰ কাৰাবাসৰ লগতে পঞ্চাশ হাজাৰ টকাকৈ জৰিমনাও বিহা হৈছে।
টকা অনাদায়ে দুই বছৰ অতিৰিক্ত কাৰাবাস খাটিব লাগিব। ইয়াৰে হজৰত আলী শ্বেখ কাজলগাঁও থানাৰ অন্তৰ্গত দাউখানগৰৰ চান মিয়াৰ পুত্ৰ আৰু ছানিদুল ইচলাম বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ডাউকীঝোৰা গাঁৱৰ আমুল উদ্দিনৰ পুত্ৰ। গোচৰীয়া পক্ষই আদালতৰ যোগেদি উচিত ন্যায় পোৱা বুলি সন্তুষ্টি প্ৰকাশ কৰে।