কালিয়াবড়ী নেহৰু জ্যোতি সংঘৰ সৌজন্যত ক্ৰিকেট খেল পৰিচালনা সমিতিৰ উদ্যোগত ক্ৰিকেট প্ৰতিযোগিতা শুভাৰম্ভ
বকোঃ এই পৃথিৱী এক ক্ৰীড়াংগন, খেল হ’ল শান্তিৰ প্ৰাংগন’ বাণীৰে গণৰাজ্য দিৱস উপলক্ষে কামৰূপ জিলাৰ বকোৰ কালিয়াবড়ী নেহৰু জ্যোতি সংঘৰ সহযোগত টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা এখন আয়োজন কৰা হৈছে। উল্লেখ্য যে গণৰাজ্য দিৱস উপলক্ষে প্ৰথম বৰ্ষৰ বাবে আয়োজন কৰা টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ খেল আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্য্যবাহী পাৰিসদ আদিত্য ৰাভাই। খেল আয়োজক সমিতিৰ সভাপতি বিষ্ণু কলিতা আৰু সম্পাদক প্ৰকাশ ৰয়ে জনোৱা মতে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় বাইছ টা খেলুৱৈ দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ
খেল উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে বগাই সামাজিক – ক্ৰীড়া আৰু সাংস্কৃতিক সংগঠনৰ সভাপতি সংগীত বড়ো, ৰাভা ছাত্ৰ সন্থাৰ বকো আঞ্চলিক সমিতিৰ সভাপতি সুজিত ৰাভা, সাধাৰণ সম্পাদক দিব্য ৰাভাকে ধৰি বহু সংখ্যক বিশিষ্ট ক্ৰীড়া সংগঠক। ইফালে কাইলৈ গণৰাজ্য দিৱস উপলক্ষে খেল পথাৰত পতাকা উত্তোলন কৰিব সংঘৰ সভাপতি বিষ্ণু ৰাম দাসে বুলি জানিব দিয়ে সংঘৰ সম্পাদক লাচিত কলিতাই।