ashomiyapatrika.com

শালীনতা-সৌজন্যতাৰ সকলো সীমা চেৰাই মুখ্যমন্ত্ৰীয়ে ৰাজ্যত অন্ধকাৰ যুগৰ প্ৰৱৰ্তন কৰিব খুজিছে

0 49

ড° হীৰেন গোঁহাই-ড° অখিল ৰঞ্জন দত্ত প্ৰতি ব্যৱহাৰৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

গুৱাহাটীঃ ‘অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক শালীনতা, সৌজন্যতা, গণতান্ত্ৰিক নীতি আৰু মূল্যবোধৰ সকলো সীমা লংঘন কৰি পেলাইছে৷ তেওঁৰ ব্যৱহাৰ আৰু আচৰণ সুস্থ্য সমাজ আৰু প্ৰশাসনৰ বাবে মুঠেই অনুকুল নহয়৷’ – এই তীক্ষ্ণ বাক্যবান অসম জাতীয় পৰিষদৰ৷ আজি মুখ্যমন্ত্ৰী ড° শৰ্মাই বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোঁহাই আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা চিন্তাবিদ ড° অখিল ৰঞ্জন দত্ত সন্দৰ্ভত প্ৰদান কৰা বক্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে ৰাজ্যৰ সৰ্বোচ্চ চৰকাৰী পদাধিকাৰী ব্যক্তিৰ পৰা এনে

ব্যৱহাৰ বা আচৰণ এখন গণতান্ত্ৰিক সমাজত কেতিয়াও কাম্য নহয়৷ জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে মুখ্যমন্ত্ৰীয়ে ড° হীৰেন গোঁহাইৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা শব্দ-বাক্যই শালীনতাৰ সকলো সীমা চেৰাই বিদ্বানজনৰ প্ৰতি অগণতান্ত্ৰিক তথা অসংসদীয় আচৰণৰ এক অনাকাংক্ষিত পৰিৱেশৰ সূচনা কৰিব৷ আনহাতে, অধ্যাপক ড° দত্তই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা বক্তব্যৰ জৰিয়তে ক্ৰমশঃ অন্ধকাৰৰ দিশলৈ চৰকাৰীভাৱে ঠেলি দিবলৈ বিচৰা অসমীয়া সমাজখনক পোহৰৰ বাট দেখুওৱাৰ প্ৰয়াস কৰি আহিছে৷ এয়া সমাজৰ বিদ্বত ব্ৰযক্তিসকলৰ দায়িত্ব৷ অসমীয়া বিদ্বত সমাজে যূগে যুগে এই দায়িত্ব পালন কৰি আহিছে কাৰণেই অসমীয়া

জাতিয়ে আজি নিজকে এটা সমৃদ্ধ জাতি হিচাপে গৌৰৱবোধ কৰিব পাৰিছে৷ বিদ্বত সমাজৰ মত প্ৰকাশৰ স্বাধীনতা হৰণৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী তথা চৰকাৰে ৰাজ্যত অন্ধকাৰ যুগৰ প্ৰৱৰ্তন কৰিব খুজিছে৷ মুখ্যমন্ত্ৰীৰ এনে অপপ্ৰয়াসৰ বিৰোধিতা কৰাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব৷

Leave A Reply

Your email address will not be published.