বকোত বড়ো সাহিত্য সভাৰ ৬৩ সংখ্যক বাৰ্ষিক অধিবেশনৰ দ্বিতীয় দিনঃ পতাকা উত্তোলন, স্মৃতিগ্ৰন্থ উন্মোচন, সম্বৰ্ধনা অনুস্থান আৰু আলোচনা চক্ৰ
বকোঃ নিখিল বড়ো সাহিত্য সভাৰ ৬৩ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি দ্বিতীয় দিন। সমগ্ৰ বড়ো জনগোষ্ঠীক বৌদ্ধিক বিকাশৰ জৰিয়তে সামগ্ৰীক উন্নয়নৰ গতি দিয়া বড়ো সাহিত্য সভাৰ এই বেলি ৬৩ সংখ্যক বাৰ্ষিক অধিবেশন। বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশন ১৯ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ কামৰূপ জিলাৰ বকোত তিনি দিনীয়াকৈ বৰ্ণিল কাৰ্য্যক্ৰমণিকাৰে আয়োজন কৰা হৈছে।আজি অধিবেশনৰ দ্বিতীয় দিন। উল্লেখ্য যে কামৰূপ জিলা বড়ো সাহিত্য সভাৰ আমন্ত্ৰণত আৰু অন্যান্য বড়ো জাতীয় সংগঠনৰ যৌথ উদ্যোগত বকো গান্ধী মৈদান সমন্বয় ক্ষেত্ৰত আয়োজন কৰা হৈছে অধিবেশনৰ বিশাল কাৰ্য্যসুচী। বড়ো সাহিত্য সভাৰ
কেন্দ্ৰীয় সমিতিৰ সভাপতি ড° সূৰথ নাৰ্জাৰী আৰু সাধাৰণ সম্পাদক নীল কান্ত গয়াৰীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় অধিবেশনৰ বিস্তৃত কাৰ্য্যসুচীৰে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ হৈছে। বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ড° সূৰথ নাৰ্জাৰী আৰু সাধাৰণ সম্পাদক নীল কান্ত গয়াৰীয়ে জনোৱা মতে অসম প্ৰান্তৰ উপৰিও বহিঃৰাজ্যৰ বহু সাহিত্য সভাৰ লোকে অংশগ্ৰহণ কৰা অধিবেশনত বড়ো সাহিত্য সভাৰ উত্তোৰণৰ ওপৰত আলোকপাত কৰা হয়। ইফালে বকোত বড়ো সাহিত্য সভাৰ অধিৱেশনৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু বসুমতাৰীয়ে জনোৱা মতে এক বিশাল আয়োজনেৰে কৰা অধিবেশনৰ যাৱতীয় কাম-কাজ সমুহ
পৰিচালনা কৰিবলৈ গঠন কৰা বিভাগীয় উপ সমিতি সমুহে নিজৰ নিজৰ দায়িত্ব পালন কৰি আহিছে। লগতে কামৰূপ জিলা বড়ো সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ বড়োই সাহিত্য সভাৰ সকলো কাৰ্য্যক্ৰমণিকাতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সহযোগ কৰা বাবে শলাগ জনায়। অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্য্যসুচী অনুসৰি পুৱাৰ ভাগত বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি ড° সুৰথ নাৰ্জাৰীয়ে। ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কৰে উপ সভাপতি প্ৰশান্ত বড়োই। বকো সাহিত্য সভা আৰু বড়ো জনগোষ্ঠীৰ ভিন্ন সংগঠনৰ পদৱীধাৰী প্ৰয়াত লোক সকলোৰ পূণ্যাত্মাক সন্মান জনাই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে উপ সভাপতি নিলীমা বসুমতাৰীয়ে। লগতে এই
অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃহৎ আকাৰৰ স্মৃতিগ্ৰন্থ ‘ব্ৰখ’জৌংথি’ এক মনোজ্ঞ পৰিবেশত আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাই। স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত পৌৰহিত্য কৰে উপ সভাপতি সীতাৰাম বসুমতাৰীয়ে। অনুস্থানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা আৰু জনজাতীয় উন্নয়ণ বিভাগৰ কেবিনেট মন্ত্ৰী ড° ৰনোজ পেগু, বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য্য কান্ত হাজৰিকা আৰু হেমকোষ অভিধানৰ অসমীয়া ব্ৰেইলী সংস্কৰণৰ প্ৰকাশক তথা সাদিন – প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী লগতে মহাবীৰ লাচিত বৰফুকন পুৰস্কাৰ
প্ৰাপক আৰু গীনিজ বিশ্ব ৰেকৰ্ডৰ প্ৰমাণ পত্ৰ প্ৰাপক লগতে বহু গুণৰ অধিকাৰী জয়ন্ত বৰুৱাকে ধৰি কেৱা গৰাকী স্বনামধন্য অতিথিয়ে। আজিৰ কাৰ্য্যসুচীৰ বিশেষ অতিথি অসম চৰকাৰৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সহ বহু সংখ্যক বিশিষ্ট সাহিত্যিকে৷