ashomiyapatrika.com

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ মৰিগাঁও জিলাৰ ১৫ গৰাকী প্ৰাৰ্থীক সম্বৰ্ধনা জিলা প্ৰশাসনৰ

0 49

প্ৰতিকূল পৰিস্থিতিত হতাশ নহৈ বা হীনমন্যতাত নুভুগি শুদ্ধ সিদ্ধান্তৰে আগবাঢ়ি যোৱাৰ আহ্বান জিলা আয়ুক্তৰ

মৈৰাবাৰীঃ অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু অন্যান্য সেৱাত উত্তীৰ্ণ মৰিগাঁও জিলাৰ ১৫ গৰাকী প্ৰাৰ্থীক আজি মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত উত্তীৰ্ণ প্ৰতিগৰাকী প্ৰাৰ্থীক জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভৱিষ্যৎ জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে এই পৰীক্ষাত মৰিগাঁও জিলাৰ তিনিগৰাকী প্ৰাৰ্থী অসম অসামৰিক সেৱা, এগৰাকী অসম আৰক্ষী সেৱা আৰু ১১ গৰাকী অন্যান্য সেৱাত উত্তীৰ্ণ হৈছে। সভাত প্ৰতিগৰাকী

প্ৰাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলে অতি আৱেগিক পৰিৱেশত নিজৰ মনৰ ভাৱ ব্যক্ত কৰে। জিলা আয়ুক্তগৰাকীয়ে প্ৰতিগৰাকী বিষয়াক অভিনন্দন জ্ঞাপন কৰি ভৱিষ্যতে নিষ্ঠা আৰু সততাৰে কৰ্মজীৱনত আগবাঢ়ি যাবলৈ আহ্বান জনায়। তেওঁ লগতে বিষয়াসকলক কৰ্মজীৱনত সন্মুখীন হোৱা কোনো প্ৰতিকূল পৰিস্থিতিত হতাশ নহৈ বা হীনমন্যতাত নুভুগি সাহসেৰে শুদ্ধ সিদ্ধান্তৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। তেওঁ কয় যে কোনো পৰিস্থিতিত হতাশা আৰু আৱেগক অধিক প্ৰশ্ৰয় দিলে বহু সময়ত সিদ্ধান্ত গ্ৰহণত ভুল হ’ব পাৰে। সেয়েহে খুব সতৰ্কভাৱে নিজকে এগৰাকী সৎ আৰু নিষ্ঠাবান বিষয়াৰ পৰিচয় দি কৰ্মক্ষেত্ৰত অৱতীৰ্ণ হ’বলৈ তেওঁ

আহ্বান জনায়। সভাত আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে প্ৰতিগৰাকী বিষয়াক শুভেচ্ছা জ্ঞাপন কৰি জীৱনত আগবাঢ়ি যাবলৈ নিজকে শুদ্ধ পথত ৰখাটো অত্যন্ত জৰুৰী বুলি মন্তব্য কৰে। তেওঁ সকলোকে দায়বদ্ধতা, স্বচ্ছতা আৰু সততাৰে কৰ্মক্ষেত্ৰত অৱতীৰ্ণ হ’বলৈ আহ্বান জনায়। আজিৰ সভাত অতিৰিক্ত জিলা আয়ুক্ত দ্যোতিভা বৰা, মহকুমাধিপতি (সদৰ) হৃদয় কুমাৰ দাস, সহকাৰী আয়ুক্ত প্ৰমোদ শৰ্মা আৰু মৃগনাভ দাস, বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ আৰু প্ৰাৰ্থী তথা অভিভাৱকসকল উপস্থিত আছিল। সকলো উত্তীৰ্ণ প্ৰাৰ্থীক ফুলাম গামোচা আৰু ফুলৰ থোপাৰে সম্ভাষণ জনোৱা হয়।

Leave A Reply

Your email address will not be published.