সন্তোষ ব্ৰহ্ম সোঁৱৰণী চিৰাং ক্ৰিকেট লীগৰ সফল সামৰণিঃ বেংতলৰ ডলফিন ক্লাব চেম্পিয়ন
কাজলগাঁওঃ চিৰাং জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত তৃতীয় বাৰ্ষিক সন্তোষ ব্ৰহ্ম সোঁৱৰণী চিৰাং জিলা ক্ৰিকেট লীগত বেংতলৰ ডলফিন ক্লাব চেম্পিয়নৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে। যোৱা ১৪ জানুৱাৰীত জিলাখনৰ মংলাগাঁৱত অনুষ্ঠিত চূড়ান্ত খেলখনত ডলফিন ক্লাবে ছাতিপুৰৰ সূৰ্য (এ) ক্লাবক ৯ উইকেটত পৰাজিত কৰে। প্ৰথমে বেট ধৰি সূৰ্য(এ) ক্লাবে ৩০ অভাৰৰ খেলখনত ১৯.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৮৩ ৰান সংগ্ৰহ কৰে ৷ বিপৰীতে ডলফিন ক্লাবে ১৫. ৩ অভাৰতে এটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। সূৰ্য (এ) ক্লাবৰ অক্ষয় সুত্ৰধৰ শ্ৰেষ্ঠ বলাৰ, ডলফিনৰ ছাহিদ আলী প্লেয়াৰ অৱ দ্য টুৰ্ণামেন্ট, প্লেয়াৰ অৱ দ্য মেচ
তথা শ্ৰেষ্ঠ বেটাৰৰ সন্মান অৰ্জন কৰে ৷ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য সভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, চিৰাং জিলা ক্ৰিকেট সন্থাৰ সভাপতি, বিধায়ক জয়ন্ত বসুমতাৰী, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, প্ৰয়াত সন্তোষ ব্ৰহ্মৰ সহধৰ্মিনী লক্ষী ব্ৰহ্ম আৰু পুত্ৰ লজিক ব্ৰহ্মকে ধৰি ভালেমান আমন্ত্ৰিত অতিথি৷