ashomiyapatrika.com

বকো সাহিত্য সভাৰ উদ্যোগত আন্ধেৰিটাৰীত ‘জ্যোতি দিৱস’ উদযাপন

0 114

বকোঃ ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বাণীৰে আজি কামৰূপ জিলাৰ বকো সাহিত্য সভাৰ উদ্যোগত উদযাপন কৰা হয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত জ্যোতি দিৱস। উল্লেখ্য যে অসম সাহিত্য সভাৰ নিৰ্দেশত শতদল শাখা বকো সাহিত্য সভাৰ উদ্যোগত আৰু আন্ধেৰিটাৰী বালিকা প্ৰাথমিক বিদ্যালয়ৰ সহযোগত বিদ্যালয় প্ৰাংগনত আয়োজন কৰা হয় জ্যোতি দিৱসৰ বৰ্ণাঢ্য কাৰ্য্যসুচী। বকো সাহিত্য সভাৰ উপ সভাপতি গৌৰাঙ্গ ঠাকুৰীয়া, প্ৰাক্তন সভাপতি সুৰেণ চন্দ্ৰ কলিতা আৰু সহকাৰী সম্পাদক বিষ্ণু ৰাম দাসৰ সহযোগত বকো শতদল শাখা সাহিত্য সভাৰ সভাপতি

বিজয়া ডেকা আৰু বিদ্যালয় খনৰ প্ৰধান শিক্ষক পবিত্ৰ কৈৱৰ্ত্তৰ তৎপৰতাত আয়োজন কৰা হয় জ্যোতি দিৱস। বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ মাতৃ গোটৰ সহযোগত ছাত্ৰ ছাত্ৰী সকলোৰ মাজত জ্যোতি দিৱসৰ তাৎপৰ্য্যৰ ওপৰত আলোকপাত কৰে। অনুস্থানত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত গীত পৰিৱেশন কৰি আগৰৱালাৰ জীৱন দৰ্শনৰ ওপৰত বৰ্ণনা দাঙি ধৰে।

Leave A Reply

Your email address will not be published.