ashomiyapatrika.com

লামপাৰাত নেহেৰু যুৱ কেন্দ্ৰ সংগঠন আৰু অভিনন্দন এচোছিয়েশ্যনৰ উদ্যোগত আৰু পৰিবহণ বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ কাৰ্য্যসুচী ৰূপায়ণ

0 39

বকোঃ ৰাজ্যৰ চৌদিশে পালন কৰি অহা হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ কাৰ্য্যসুচী। এই উপলক্ষে নেহেৰু যুৱ কেন্দ্ৰ সংগঠন কামৰূপ আৰু অভিনন্দন এচোছিয়েশ্যনৰ উদ্যোগত পৰিবহণ বিভাগ অসমৰ জিলা পথ সুৰক্ষা সমিতি কামৰূপৰ সহযোগত আজি বকো আৰক্ষী থানাৰ অন্তৰ্গত লামপাৰাত অনুষ্ঠিত হয় পথ সুৰক্ষা মাহৰ কাৰ্য্যসুচী। মানুহৰ জীৱন সম্পত্তিৰ সুৰক্ষাৰ বাবে সুচল পথ ব্যৱস্থাৰ লক্ষ্যৰে আমি সজাগ হ’ব লাগে বুলি সজাগতা সৃষ্টি কৰি এই কাৰ্য্যসুচী শুভাৰম্ভ কৰে কামৰূপ জিলা পৰিবহন বিষয়া মনোজ চৌধুৰীয়ে। এনফোৰ্চমেন্ট ইঞ্চপেক্টৰ কৃষ্ণ পাটগিৰিয়ে বাহন চালকক পৰিবহন নিয়ম মানি চলিবলৈ আহ্বান জনায় ভাষণ প্ৰদান কৰা

অনুস্থানত নেহেৰু যুৱ কেন্দ্ৰ কামৰূপৰ মুখ্য গাণণিক বিষয়া গোপীনাথ দাস আৰু অভিনন্দন এচোছিয়েশ্যনৰ সঞ্চালক জনাৰ্দন ডেকা সহ বিষয় ববীয়া সকলে সহযোগ আগবঢ়াই। ইফালে লামপাৰা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰবীণ কলিতা সহ শিক্ষক শিক্ষয়িত্ৰী গোট আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত নেহেৰু যুৱ কেন্দ্ৰৰ কেডাৰ তথা অভিনন্দন এচোছিয়েশ্যনৰ কৰ্মকৰ্তাৰ অংশগ্ৰহনেৰে আয়োজন কৰা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ কাৰ্য্যসুচীৰ জৰিয়তে অসম ৰাজ্যিক পৰিবহণ নিগমৰ আইন সকলোকে মানি চলিবলৈ আহ্বান জনায়। পথত বাহন চলোৱাৰ ওপৰত সজাগতা সৃষ্টি কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ

ওপৰত শোভাযাত্ৰা কৰি সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰে। সজাগতা সভাত পৰিবহণ বিভাগৰ সহ উপ পৰিদৰ্শক গণেশ বৰগোহাঁই, শিক্ষক নাৰায়ণ ঠাকুৰীয়া, ৰেণুকা মজুমদাৰকে ধৰি বহু সংখ্যক বিষয় ববীয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.