ashomiyapatrika.com

বায়ুসেনাৰ বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

0 39

৩ দিনীয়া উত্তৰ-পূৱ ভ্ৰমণ কাৰ্যসূচীৰে বৰঝাৰত উপস্থিত হৈ গাৰো পাহাৰলৈ দ্ৰৌপদী মুৰ্মুঃ তুৰাত পঞ্চম মেঘালয় গেমছৰ শুভ উদ্বোধন

গুৱাহাটীঃ আজি গুৱাহাটীত উপস্থিত হয় দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। বায়ুসেনাৰ এক বিশেষ বিমানযোগে গুৱাহাটীত উপস্থিত হয় দেশৰ ৰাষ্ট্ৰপতিগৰাকী। ৩ দিনীয়া উত্তৰ-পূৱ ভ্ৰমণ কাৰ্যসূচীৰে আজি সোমবাৰে বৰঝাৰ বিমানবন্দৰৰ উপস্থিত হ’ল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু৷ বৰঝাৰ বিমানবন্দৰত আহি পোৱাৰ লগে লগে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, ৰণজিৎ কুমাৰ দাস, সাংসদ কুইন ওজা, পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে প্ৰতিৰক্ষা বাহিনীৰ বিষয়া সকলে স্বাগতম জনায়। ৰাষ্ট্ৰপতি গৰাকীয়ে সম্ভাষণ গ্ৰহণ কৰি বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে হেলিকপ্তাৰ যোগে মেঘালয়ৰ তুৰালৈ ৰাওনা হয়। তুৰাত গৈ আজি

১৫ জানুৱাৰীৰ পৰা তুৰাৰ পি.এ. চাংমা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা পঞ্চম মেঘালয় গেমছৰ শুভ উদ্বোধন কৰে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ইয়াৰ লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে তুৰাৰ প্ৰশাসনিক ভৱনৰ আধাৰশিলাসহ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। জানিব পৰা মতে মেঘালয়ৰ ভ্ৰমণসূচী সমাপ্ত হোৱাৰ পিছত ১২ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈকে অনুষ্ঠিত হৈ থকা ৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ ১৭ জানুৱাৰীৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৷

Leave A Reply

Your email address will not be published.