মুম্বাইৰ পৰা বৰঝাৰ অভিমুখী বিমানৰ পুৱতি নিশা ঢাকাত জৰুৰী অবতৰণ
গুৱাহাটীঃ মুম্বাইৰ পৰা বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ আহি থকা এখন বিমান বৰঝাৰ বিমানবন্দৰৰ আকাশত ঘন কুঁৱলীৰ বাবে এখন চুবুৰীয়া দেশ বাংলাদেশৰ ৰাজধানী ঢাকাত জৰুৰী অবতৰণ কৰিবলগীয়া হয়। জানিব পৰা মতে মুম্বাইৰ পৰা বৰঝাৰ বিমানবন্দৰ অভিমুখী ইণ্ডিগ সেৱাৰ ৬ ই ৫৫১৯ নম্বৰৰ যাত্রীবাহী বিমানখনে বাংলাদেশৰ ঢাকাৰ হজৰত শ্বাহজালাল আন্তর্জাতিক বিমান বন্দৰত আজি পুৱতি নিশা প্রায় ৪ বজাত জৰুৰী অবতৰণ কৰিবলগীয়া হয়। ঘন কুঁৱলীৰ বাবেই যাত্রীসকলে প্রায় ১২ ঘণ্টা সময় বিমানখনতে আবদ্ধ হৈ থাকিবলগীয়া । অবশ্যে প্ৰায় চাৰে সাত ঘন্টাৰ পাছত আজি দিনৰ ১১:২০মান বজাত
বিমানখন বৰঝাৰ বিমানবন্দৰৰ ৰাণৱেত নিৰাপদে অৱতৰণ কৰাৰ পিছতহে যাত্ৰী সকলে স্বস্তিৰ নিশ্বাস এৰে। বৰঝাৰ বিমানবন্দৰৰ এক সূত্ৰই সদৰি কৰা অনুসৰি কালি নিশা ১১:৩০ বজাত মুম্বাইৰ পৰা উৰা মৰা বিমানখন স্বাভাবিক সূচী অনুসৰি মাজনিশা ২:৩০ বজাত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব লাগিছিল। কিন্তু বৰঝাৰ বিমানবন্দৰৰ আকাশত ঘন কুঁৱলীৰ বাবে ৰাণৱে দেখা পোৱাত বিমানৰ পাইলটৰ অসুবিধা হোৱাত বিমানখন পাইলটে কলকাতাস্থিত নেতাজী সুভাষচন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ বিমান বন্দৰলৈ অৱতৰণ কৰাৰ বাবে লৈ যায়। কিন্তু তাতো বৰঝাৰ বিমানবন্দৰৰ দৰে
একে অৱস্থা হোৱাত পাইলটে বিমানখন উৰিষ্যাৰ ভুবনেশ্বৰ বিমানবন্দৰলৈ নিয়ে। কিন্তু ভুবনেশ্বৰৰ বিমান বন্দৰৰ ৰাণৱে বন্ধ থকাত ঢাকাৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ সৈতে যোগাযোগ কৰি ঢাকাত পুৱতি নিশা ৪ বজাত জৰুৰী অৱতৰণ কৰে।