ashomiyapatrika.com

ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত চমকপ্ৰদ উত্থান তৃণমূল কংগ্ৰেছৰ

0 48

ডিমা হাছাওৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন অসম তৃণমূল কংগ্ৰেছৰ

গুৱাহাটীঃ আজি জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সম্পৰ্কত এক সংবাদমেল সম্বোধন কৰে দলৰ সভাপতি ৰিপুণ বৰাই। সংবাদমেল সম্বোধন কৰি তেওঁ সমূহ ডিমা হাছাও জিলাৰ ৰাইজক তেওঁলোকৰ সমৰ্থনৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। উক্ত নিৰ্বাচনত অসম তৃণমূল কংগ্ৰেছে কোনো ধৰণৰ আসন লাভ কৰা নাই যদিও অসমত ৰিপুণ বৰাৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই শক্তিশালী কংগ্ৰেছক চেৰ পেলাই মুঠ ৮ টা সমষ্টিত দ্বিতীয় সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হয় অসম তৃণমূল কংগ্ৰেছ। সৰ্বমুঠ ১১ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল অসম তৃণমূল

কংগ্ৰেছে৷ ১১ খন আসনৰ যুঁজত বিজেপিয়ে লাভ কৰে ৩২,২৭৭ টা ভোট, তৃণমূল কংগ্ৰেছে লাভ কৰে ৭৪৯১ টা আৰু তাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰে ৪৯২৪ টা ভোট।উক্ত সংবাদমেলত সভাপতি ৰিপুণ বৰাই অসম তৃণমূল কংগ্ৰেছ দলক ৰাইজে এক শক্তিশালী বিকল্প হিচাপে গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে। বৰাই এই নিৰ্বাচনত অসম প্ৰদেশ কংগ্ৰেছৰ দুৰ্বল ভূমিকাক সমালোচনা কৰাৰ লগতে ৬ খন গুৰুত্বপূৰ্ণ আসনত বিনা প্ৰতিদ্বন্দিতাৰে আত্মসমৰ্পন কৰাৰো অভিযোগ আনে। ইয়াৰ লগতে শাসনত থকা বিজেপিয়ে নিজৰ ক্ষমতা দেখুৱাবলৈকে এখন পৰিষদীয় নিৰ্বাচনত মুখ্যমন্ত্ৰীকে ধৰি ডাঙৰ ডাঙৰ

নেতা পালিনেতা জপিয়াই পৰা বিষয়টোক সমালোচনা কৰা দেখা গ’ল বৰাক। তেখেতে বিজেপিয়ে উক্ত নিৰ্বাচনত ক্ষমতাৰ অপ-প্ৰয়োগ কৰাৰো অভিযোগ তুলে। ৰিপুণ বৰাই ডিমা হাছাও পৰিষদীয় নিৰ্বাচনত বিৰোধী শূন্য হৈ যোৱাটো গণতন্ত্ৰৰ বাবে এটা চিন্তনীয় বিষয় বুলিও মন্তব্য আগবঢ়াই।

Leave A Reply

Your email address will not be published.