বকোত অসমী ভোগালী মেলা ২০২৪ৰ শুভাৰম্ভ
ৰাভা হাছং পৰিষদৰ বিত্তীয় পূজিৰে আয়োজিত মেলাই মহিলা সাৱলীকৰণত গুৰুত্ব আৰোপ কৰিছে – টংকেশ্বৰ ৰাভা
বকোঃ মাঘ বিহু উপলক্ষে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰথম বাৰ্ষিক বিত্তীয় সাহাৰ্য্যত আজিৰ পৰা বকোত আয়োজন কৰা হৈছে অসমী ভোগালী মেলা ২০২৪ ৰ কাৰ্য্যসুচী। বকো গান্ধী মৈদানত থলুৱা খাদ্য সামগ্ৰী, বস্ত্ৰ – শিল্পৰ প্ৰায় ৫৭ টা বিপনীৰৰে আয়োজন কৰা হৈছে অসমী ভোগালী মেলা। উল্লেখ্য যে ৰাভা হাছং পৰিষদৰ বিত্তীয় সাহাৰ্য্যৰে সৃষ্টি, শক্তিৰূপা, মিছিছিপি, ৰনাঙ্গিণী মণ্ডল পৰ্য্যায় সংগঠনৰ পৰিচালনাত আয়োজন কৰা হৈছে ভোগালী মেলা। আজি দিনৰ ভাগত অসমী ভোগালী মেলা আনুস্থানিক ভাৱে উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যৱাহী পাৰিষদ তথা অভিযন্তা টংকেশ্বৰ ৰাভাই। ভোগালী মেলাৰ শুভাৰম্ভণি
অনুস্থানত অসম চৰকাৰৰ কামৰূপ জিলা পৰিষদৰ উপাধ্যক্ষ কাম্বু ৰাম ৰাভা, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যৱাহী পাৰিষদ সুমিত ৰাভা, নগৰমল স্বৰ্গীয়াৰী, আদিত্য ৰাভা, ফ্ৰাইলিং আৰ মাৰাক সহ বহু সংখ্যক কাৰ্য্যৱাহী আৰু অৰ্জুন চেত্ৰীকে ধৰি কেৱাজনো সাধাৰণ পাৰিষদে অংশগ্ৰহণ কৰে। ইফালে বকোত অসমী ভোগালী মেলা পঞ্চম বৰ্ষৰ বাবে আয়োজন কৰা হৈছে। এই বৰ্ষৰ আয়োজক সমিতিৰ সভানেত্ৰী খনা দাস, উপ সভানেত্ৰী মিনুকা ৰাভা আৰু সম্পাদিকা ইৰা ৰাভাই জনোৱা মতে বকো উন্নয়ণ খণ্ডৰ খণ্ড প্ৰকল্প প্ৰৱন্ধক বন্তি শিখা হাজৰিকাই পতাকা উত্তোলন কৰি ভোগালী মেলাৰ
শুভাৰম্ভ কৰে। লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালিকা মচন্দা পাৰটিনকে ধৰি চৰকাৰৰ বহু সংখ্যক বিষয় ববীয়াই অংশগ্ৰহণ কৰা অনুষ্ঠানত চি এফ এল, জীৱিকা সখী, বেংক মিত্ৰ আদিকে ধৰি বহু কৰ্মীয়ে সহযোগ কৰে।