বকোৰ ২নং বৰখালত নিশা হাতীৰ উপদ্ৰৱঃ থিতাতে মৃত্যু কমলেশ্বৰৰ
বকোঃ ৰাজ্য চৰকাৰৰ ভূমি নীতি আৰু বন বিভাগৰ অদূৰদৰ্শী কাৰ্য্য ব্যৱস্থাৰ বাবে বনাঞ্চল সংকুচিত হোৱাৰ ফলত সঘনাই সংঘটিত হৈ আহিছে হাতী – মানুহৰ সংঘাত। ইয়াৰ ফলশ্ৰুতিতেই যোৱা নিশাও ঘটিছে এক দুখ জনক অঘটন। কামৰূপ জিলাৰ পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ এলেকা বামুণীগাওঁ বনাঞ্চলিক বিষয়াৰ অধীনৰ ২ নং বৰখালত এক শিহৰণকাৰী ঘটনাত বনৰীয়া হাতীৰ আক্ৰমণত ঠিতাতে এজন নিহত হোৱাৰ লগতে এজন গুৰুতৰ ভাৱে আহত হয় । হাতীৰ আক্ৰমত ঠিতাতে নিহত হয় বৰখাল গাওঁৰ প্ৰায় ৫৫ বছৰীয়া কমলেশ্বৰ বড়ো নামৰ লোকজন। লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় প্ৰায় ৪০ বছৰীয়া অমল
ৰাভা নামৰ লোকজন। হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত অমল ৰাভাক উন্নত চিকিৎসাৰ বাবে জি এম চি এইছ লৈ প্ৰেৰণ কৰে। জানিব পৰা মতে হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা হাতী এটাই অঞ্চলটোত চলাই তাণ্ডৱ। ইফালে হাতীটোক খেদিবলৈ যাওঁতে আক্ৰমন কৰা বাবে সংঘটিত হয় ঘটনাটো। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে ৰাইজে হাতীটো খেদি থকা সময়তে হাতীটোৱে ওলোতাকৈ খেদি আহি আক্ৰমণ কৰে। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।