ashomiyapatrika.com

অসম আৰক্ষীৰ পৰা কোনো ন্যায়ে নাপালে বকোৰ পশ্চিম নেউলডোবাৰ দুৰ্ভগীয়া মধু সেনে

0 47

বকোঃ যোৱা ২৭ নবেম্বৰত কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত কাহিবাৰীত সংঘটিত হৈছিল এক মাৰপিটৰ ঘটনা। এডল দুৰ্বৃত্তৰ আক্ৰমণত ধৰাসায়ী হৈছিল ছমৰীয়া আৰক্ষী পহৰা চকীৰ অন্তৰ্গত পশ্চিম নেউলডোবাৰ মধু সেন নামৰ লোকজন। ইফালে কোনোমতে প্ৰাণ ৰক্ষা পোৱা মধূ সেনে আঠ গৰাকী দূৰ্বৃত্তৰ নমত প্ৰমাণ সহ এজাহাৰো দাখিল কৰিছিল। ইফালে মধূ সেনে আচাৰ্য্য প্ৰকাশ কৰি আজিও সাংবাদিকৰ আগত দূখেৰে জনায় যে ন্যায় পোৱাৰ আশাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে জিলা আৰক্ষী বিষয়া ও অতিৰিক্ত আৰক্ষী সঞ্চালকৰ দুৱাৰে দুৱাৰে দৌৰিও ন্যায় নাপালে। কিয় আৰু কি ৰহস্য জনক

কাৰণত দুৰ্ভগীয়া মধু সেনে ন্যায় নাপায় এয়া ডাঙৰ প্ৰশ্ন হৈছে ? আৰু কিমান দৌৰিব মধু সেনে। দৌৰি দৌৰি ভাগৰি পৰা মধু সেনে উৎথাপন কৰিলে চৰকাৰ তথা প্ৰশাসণৰ ওপৰত ডাঙৰ প্ৰশ্ন ! দুখীয়া নিচলাৰ বাবে নহয় নেকি এই গণতন্ত্ৰৰ আইন ? চবকা সাথ সবকা বিকাশত ব্যৰ্থ হ’ল নেকি অসম চৰকাৰৰ? পৰিয়ালৰ পৰা উপযুক্ত প্ৰমাণ পোৱা আৰু ঘটনাস্থলীৰ পৰা পোৱা তথ্যয়ো ন্যায় প্ৰদান নকৰিলে মধূ সেনক। এতিয়া প্ৰশ্ন হয় কিয় দুখীয়া দৰিদ্ৰই ন্যায় নাপায়। চৰকাৰী প্ৰশাসনৰ আইন কাৰ বাবে। আনহাতে মধূ সেনে অভিযোগ কৰা মতে তেওঁৰ দুচকীয়া বাহন খন কোনে থানাত জমা দিলে সেয়াও ৰহস্য হৈছে বুলি জানিব দিয়ে।

Leave A Reply

Your email address will not be published.