বৰ্ষীয়ান সাংবাদিক যদু কাকতিৰ মৃত্যুঃ ৰাজ্যজুৰি শোকৰ ছাঁ, দল-সংগঠনৰ শোক
গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি তথা বৰ্ষীয়ান সাংবাদিক যদু কাকতিৰ মৃত্যুৰ বাতৰিয়ে ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে। চিকিৎসাধীন অৱস্হাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে বাৰ্ধক্যজনিক ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি জিএমচিএইছত চিকিৎসাধীন হৈ আছিল বৰ্ষীয়ান সাংবাদিকগৰাকী। হেঙেৰাবাৰীৰ হাউচিং কলনীত থকা কাকতিৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ। প্ৰবীণ সাংবাদিক যদু কাকতিৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। প্ৰখ্যাত সাংবাদিক যদু কাকতিৰ মৃত্যুৱে অসমৰ জনসাধাৰণৰ বাবে শোকৰ ভাৱ কঢ়িয়াই আনিছে বুলি মূখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে৷
গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি, বৰ্ষীয়ান সাংবাদিক যদু কাকতিৰ মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাবৰ শোক প্ৰকাশঃ অসমৰ বৰ্ষীয়ান সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি যদু কাকতিৰ মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰে। বাৰ্ধক্যজনিত ৰোগত দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা সাংবাদিকগৰাকীৰ চিকিৎসাধীন অৱস্থাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। ৯২ বছৰীয়া সাংবাদিক গৰাকীৰ অসমৰ সংবাদ ক্ষেত্ৰলৈ অৱদান অনন্য। যদু কাকতিৰ নশ্বৰ দেহ গুৱাহাটী প্ৰেছ ক্লাৱলৈ আনি শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ গুৱাহাটী প্ৰেছ ক্লাবৰ হৈ শ্ৰদ্ধাঞ্জলি জনায় সভাপতি সুস্মিতা গোস্বামী, সাধাৰণ সম্পাদক সঞ্জয় ৰায়, সাংগঠনিক সম্পাদক কিশোৰজ্যোতি শৰ্মা, সাংস্কৃতিক সম্পাদক পল্লৱী বৰা, খেল সম্পাদক আজাদ গগৈকে ধৰি জ্যেষ্ঠ-কনিষ্ঠ সাংবাদিকসকলে৷ প্ৰয়াত কাকতিৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে গুৱাহাটী প্ৰেছ ক্লাবে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷
ভিন-ভিন দল-সংগঠনৰ গভীৰ শোকঃ ৰাজ্যখনৰ বৰ্ষীয়ান সাংবাদিক যদু কাকতিৰ বিয়োগত ৰাজ্যখনৰ ভিন-ভিন দল-সংগঠনে একেমুখে গভীৰ শোক প্ৰকাশ কৰে৷ এক প্ৰেছ বিবৃতিত বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ ‘বহুবাক’ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- ১৯৬৬ চনৰ পৰা অসম বাতৰি কাকতৰ জড়িয়তে সাংবাদিকতা জীৱনৰ পাতনি মেলা কাকতিয়ে ওৰেটো জীৱন সাংবাদিকতাৰ স’তে সহবাস কৰিলে৷ ২০২০ চনত অসম চৰকাৰৰ গণৰাজ্য দিৱসত সাংবাদিকতা বঁটা লাভ কৰা কাকতিদেৱৰ সাৰ্থক প্ৰচেষ্টাত মিডিয়া ষ্ট্ৰাষ্ট গঠন হৈছিল । তেওঁ সুষ্ঠ সংবাদ সেৱাৰ বাবে নতুন প্ৰজন্মক আগবাঢ়ি আনিবলৈ চেষ্টা কৰিছিল৷’ যদু কাকতিৰ বিয়োগত সন্মিলিত জনজাতি সাংস্কৃতিক মঞ্চ, অসমৰ সভাপতি দেবেন্দ্ৰ নাথ বসুমতাৰী, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক অৱনী ৰঞ্জন পাঠক, প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, আগশাৰীৰ গীতিকাৰ – সাহিত্যিক শচীন দাস, বিশিষ্ট চিকিৎসক ডাঃ যাদৱ কুমাৰ, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ড° মলিনা দেৱী ৰাভা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাৰী কল্যাণ মঞ্চ, অসমৰ সচিব প্ৰধান ড° অসমী গগৈ, ‘মাহেকীয়া সংযোগ’ৰ সম্পাদক প্ৰশান্ত গগৈ, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ সহকাৰী সম্পাদক মীনাক্ষি সিনহা, চি পি আই এম (এল)ৰ ৰাজ্যিক নেতা পংকজ কুমাৰ দাস, বিশিষ্ট কন্ঠশিল্পী ডিজেন কাকতী, প্ৰবীণ কবি- সাহিত্যিক দুৰ্গা প্ৰসাদ শৰ্মা, পৰাগজ্যোতি প্ৰকাশনৰ হৈ স্বপ্না দেৱী, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, অসম শিশু সাহিত্য সমাজ, স্বেচ্ছাসেৱী অনুষ্ঠান ‘ৰং’ আদি দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে৷