ashomiyapatrika.com

ন্যুনতম মজুৰিৰ দাবীত চচলত বিক্ষোভ আশাকৰ্মীৰ

0 30

গুৱাহাটীঃ চি আই টি ইউৰ অন্তৰ্ভূক্ত অসম ৰাজ্যিক আশা ইউনিয়নে আজি গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত ন্যুনতম মজুৰিৰ দাবীত বিক্ষোভ প্ৰদশৰ্ন কৰে৷ আশাকৰ্মীৰ বাবে ভাৰতীয় শ্ৰম সন্মিলনৰ ৪৫ সংখ্যক অধিৱেশনৰ অনুমোদন কাৰ্যকৰী কৰা, আশাকৰ্মীসকলক চৰকাৰী ভাৱে স্বাস্থ্য বিভাগৰ কৰ্মী হিচাবে নিয়মীয়াকৰণ কৰা, আশাকৰ্মীসকলৰ বাবে মাহিলী ন্যুনতম মজুৰি ২৬,০০০ টকা ঘোষণা কৰাৰ লগতে প্ৰভিডেণ্ট ফাণ্ড, গ্ৰেচুয়েটি, ই এছ আই, পেঞ্চন, স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থাসহ সামাজিক সুৰক্ষাৰ দাবীৰ শ্লোগানেৰে প্ৰায় সহস্ৰাধিক আশা কৰ্মীয়ে উত্তাল কৰে গুৱাহাটীৰ চচল ধৰ্ণাস্থলী। উল্লেখ্য যে জনস্বাস্থ্যৰ তৃণমূল স্তৰত নিয়োজিত আশা কৰ্মীসকলে

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মসূচী ৰূপায়ন কৰি আছে। বাস্তৱতে স্বাস্থ্যৰ ক্ষেত্ৰত আশা কৰ্মীসকলৰ অবদানৰ বিষয়ে সকলোৱে জানে। কিন্তু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে আশা কৰ্মীসকলক প্ৰকৃত পাৰিশ্ৰমিকৰ পৰা বঞ্চিত কৰি ৰাখিছে। কেন্দ্ৰীয় চৰকাৰে মাহিলী মাথো ২,০০০টকা আৰু ৰাজ্য চৰকাৰে মাহিলী মাথো ১,০০০টকা দিয়েই দায়িত্ব পালন কৰিছে। যি চৰকাৰৰে কৰ্মসূচী ৰূপায়ন কৰে। এয়া প্ৰকৃততে আশা কৰ্মীক নিৰ্মম শোষণ। চৰকাৰৰ এই বঞ্চনাৰ বিৰুদ্ধে আজি মটৰ শ্ৰমিকৰ ৰাজ্যজোৰা কৰ্মবিৰতিৰ মাজতো এই বিক্ষোভ সমাৱেশত ৰাজ্যখনৰ ১২ খন জিলাৰ পৰা প্ৰায় সহস্ৰাধিক আশা কৰ্মীসকলে অংশগ্ৰহণ কৰে। বিক্ষোভ

সমাৱেশৰ সভাত সভানেত্ৰী মমতা ৰাভাৰ সভানেতৃত্বত সাধাৰণ সম্পাদিকা ননী লিকচনে আশা কৰ্মীসকলৰ সমস্যাসমূহকলৈ বক্তব্য ৰাখে। চি আই টি ইউৰ ৰাজ্যিক নেতা বিজন দাস, ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা, চি আই টি ইউৰ কামৰূপ মহানগৰ জিলাৰ সম্পাদক আলী আকবৰৰ উপৰিও অসম ৰাজ্যিক আশা ইউনিয়নৰ দৰঙৰ ডালিমী ডেকা, বৰপেটাৰ মঞ্জুৱাৰা বেগম, ধেমাজিৰ চন্দ্ৰপ্ৰভা বৰা, নগাঁৱৰ অঞ্জলী বৰা বৰুৱা, কামৰূপ মহানগৰৰ দীপালী দেৱী, দক্ষিণ কামৰূপৰ দেৱযানী কলিতা, কাছাৰৰ সোমা দাস, গোৱালপাৰাৰ মিনাক্ষী গুৰুং আৰু ডিব্ৰুগড়ৰ জ্যোতি শইকীয়াই বক্তব্য ৰাখে। এই বিক্ষোভ সমাৱেশৰ পৰা মুখ্যমন্ত্ৰীলৈ আশা

কৰ্মীসকলৰ দাবীসম্বলিত স্মাৰক পত্ৰ আৰক্ষী প্ৰশাসনৰ জৰিয়তে প্ৰেৰণ কৰে। লগতে ৰাজ্যিক নেতৃবৃন্দই কয় যে অহা এমাহৰ ভিৰতৰ চৰকাৰে দাবী সম্বলিত স্মাৰক পত্ৰৰ সঠিক পদক্ষেপ নল’লে অহা ৫ ফেব্ৰুৱাৰীত জিলাই জিলাই বিক্ষোভ সমাৱেশ সংগঠিত কৰিব। পৰৱৰ্তী পৰ্যায়ত পুনৰ ৰাজ্যিক ভিত্তিক বিক্ষোভ সমাৱেশৰ ঘোষণা কৰে।

Leave A Reply

Your email address will not be published.