শিংৰা বনাঞ্চলিক বিষয়া ভাৰ্গৱ হাজৰিকাৰ নেতৃত্বত জে চি বি জব্দ
বকোঃ কামৰূপ জিলাৰ পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ অধীনৰ বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়া ভাৰ্গৱ হাজৰিকাৰ নেতৃত্বত বনজ সম্পদ ধ্বংসকাৰীৰ বিৰুদ্ধে চলিছে তীব্ৰ অভিযান। এই অভিযানত থৰকা – ছুটি হেৰুৱাইছে অসাধু চক্ৰ। বনজ সম্পদ ধ্বংস কৰা সকলোৰ বিৰুদ্ধে দিনে নিশাই অভিযান চলাই থকা সময়তে যোৱা কালি বকোৰ খলিহাৰ পৰা জব্দ কৰে এখন জে চি বি। জানিব পৰা মতে এ এছ – ০১ কে চি – ৫১১৪ নম্বৰৰ জে চি বি খনেৰে নীতিঃবহিৰ্ভূত ভাৱে মাটি খনন কৰি আছিল। ইফালে এক গোপন সুত্ৰই দিয়া অভিযোগৰ ভিত্তিত বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়াই অভিযান চলাই আৰু খলিহাৰ পৰা বনকৰ্মীৰ দলে জব্দ কৰে জে চি বি খন। সম্প্ৰতি জে চি বি খন বন বিভাগৰ কাৰ্য্যালয়ত আছে। বন বিষয়াই বকোত জে চি বি জব্দ কৰা কাৰ্য্যক সচেতন মহলে শলাগ লৈছে।